Renowned Writers of Assamese Literature and Culture for Assam TET

Most Famous Authors of Assamese Literature & Culture - Assam GK on Assamese Literature and Culture 

আধুনিক অসমীয়া সাহিত্যৰ প্ৰখ্যাত লেখক সকল 

Hello, aspirants are you preparing for Assam TET or any other Assam Govt Exams? If yes, then you must be aware of the most important Assam GK on Assamese Literature and Culture for the upcoming Assam TET exam 2021. Therefore every aspirants of Assam TET need to know the renowned writers of assamese literature and culture for Assam TET exam 2021. In this regard "Assam GK Gyan" decides to provide you the most important information about famous authors of Assamese Literature and Culture according to the Assam TET syllabus. Infact the renowned writers of assamese literature and culture will be a key topic in the Language - 1 section for the upcoming Assam TET both for LP TET and UP TET exam. So the famous authors of modern Assamese Literature and Culture will be a pedestrian to crack your exam.

Renowned Writers of Assamese Literature and Culture for Assam TET
Renowned Writers of Assam

Famous Authors of Modern Assamese Literature

Read all these most important Famous authors of Modern Assamese Literature and Culture for the upcoming Assam TET exam 2021. These famous authors and their contribution in Assamese literature and language are extremely important and should be a part of your preparation.

আধুনিক অসমীয়া সাহিত্যৰ প্ৰখ্যাত লেখক সকল

বিশেষকৈ অসম টেট ২০২১ বৰ্ষৰ পৰীক্ষাৰ বাবে NCTE ৰ নিৰ্দেশনা অনুসৰি ১ম মানৰ পৰা ৫ম মান আৰু ষষ্ঠ মানৰ পৰা অষ্টম মানলৈ যি Syllabus প্ৰকাশ কৰিছে, সেই Syllabus অনুসৰি দুয়োখন পেপাৰৰ বাবে ভাষা ১ (Language 1) বিষয়টো অতি গুৰুত্বপূৰ্ণ। উক্ত বিষয়ত যিসকল অসমৰ প্ৰথিতযথা সাহিত্যিকৰ নাম উল্লেখ কৰা গৈছে, পৰীক্ষাত যিহেতু তেওঁ লোকৰ সাহিত্যিক কৰ্মৰাজিৰ ওপৰতেই প্ৰশ্নসমূহ আহিব, সেই বাবেই এই Article টোৰ জড়িয়তে আমি সেই সকল স্বনামধন‍্য সাহিত্যিকৰ বিষয়ে অৱগত হম।

১ম মানৰ পৰা ৫ম মানলৈ উল্লেখিত সাহিত্যিক সকল হ'ল -

শংকৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, নিৰ্মলপ্ৰভা বৰদলৈ

ষষ্ঠ মানৰ পৰা অষ্টম মানলৈ উল্লেখিত সাহিত্যিক সকল হ'ল -

লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, জ‍্যোতিপ্ৰসাদ আগৰৱালা, ভৱানন্দ দত্ত, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

তলৰ লিখনিৰ জড়িয়তে এওলোকৰ বিষয়ে জানো আহক ।

Renowned Writers of Assamese Literature and Culture for Assam TET

লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) 

Renowned Writers of Assamese Literature and Culture for Assam TET

লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbaroa) ৰ জন্ম হয় ১৮৬৪ চনত। তেওঁৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্ৱৰী দেৱী । হাকিম পিতৃৰ লগত বিভিন্ন ঠাইত ঘূৰি ফুৰি তেওঁ বিভিন্ন স্কুলত শিক্ষা লাভ কৰে। শিৱসাগৰ স্কুলৰ পৰা এন্ট্ৰেঞ্চ পাছ কৰি কলিকতাৰ ৰিপন কলেজত বি.এ পঢ়ে। বি.এ পাছ কৰি বি.এল পৰ্যন্ত শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ ব্যৱসায়ৰ লগতে জড়িত হৈ পৰে ভোলানাথ বৰুৱাৰ ৱাৰ্ড কোম্পানীৰ লগত।

১৯২৪ চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ তেওঁ সভাপতি হয়।

বেজবৰুৱাৰ সাহিত্যিক জীৱন কলিকতাত পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল। সেই সময়তেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায়। সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি কলিকতাত পঢ়ি থকা আন ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা"(অ. ভা. উ. সা. সভা) নামে এখন সভা স্থাপন কৰে। এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰিছিল। এই 'জোনাকী'ৰ পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনাত মনোনিবেশ কৰে। বেজবৰুৱাৰ সাহিত্য জীৱনৰ আৰম্ভণি হয় “জোনাকী”ত প্ৰকাশিত “লিতিকাই” নামৰ নাটকেৰে। ইয়াৰ পিছত তেওঁ সাহিত্যৰ বিভিন্ন দিশত হাত বুলাই একুৰি পাঁচখন গ্ৰন্থ ৰচনা কৰে। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে। 

তেওঁৰ উল্লেখনীয় ৰচনাসমূহ হ’ল- “কামত কৃতিত্ব লভিবৰ সংকেত”, ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘পদুম কুঁৱৰী’(উপন্যাস), ‘কৃপাবৰ বৰুৱাৰ ওভটনি’, ‘দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত’, ‘সুৰভি’, ‘সাধুকথাৰ কুকি’(গল্প), ‘শংকৰদেৱ’, ‘বুঢ়ি আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘কদম কলি’(কবিতা), ‘জোনবিৰি’(চুটিগল্প), ‘জুনুকা’(গল্প), ‘পাচনি’(নাটক), ‘নোমল’(নাটক), ‘চিকৰ পতি নিকৰ পতি’(নাটক), ‘বাখৰ’, শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ’, ‘ভাগৱত কথা’, ‘চক্ৰধ্বজ সিংহ’(নাটক), ‘বেলিমাৰ’(নাটক), ‘জয়মতি’(নাটক), ‘ভাৰতবৰ্ষৰ বুৰঞ্জী’, “History of Vaisnavites in India, Rasalila & Sri Krishna”, “Border State Lecture”, ‘মোৰ জীৱন সোঁৱৰণ’, ‘কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, ‘তত্ত্বকথা’, ‘কৃপাবৰ বৰুৱাৰ বুলনি’, ‘শ্ৰীকৃষ্ণ কথা’, 'Religion & Devotion', ‘পত্ৰলেখা’, ‘দিনলেখা’ আদি।

‘জোনাকী’ কাকতে অসমীয়া কাব্য ইতিহাসৰ গতিলৈ নৱ ৰূপান্তৰ আনে আৰু এই ক্ষেত্ৰত যি ত্ৰিমূৰ্তিয়ে বিশেষ ভূমিকা পালন কৰিছিল তাৰ অন্যতম হ’ল লক্ষ্মীনাথ বেজবৰুৱা। চন্দ্ৰ্কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী আছিল আন দুজন ৰূপকাৰ। ‘জোনাকী’ কাকতৰে কাব্য জীৱনৰ পাতনি মেলা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কদমকলি’ প্ৰথম কাব্য সংকলন। তেওঁৰ নিজৰ কথামতে এই কথাখিনি ‘কবিতা হয় যদি হওক নহয় যদি নহওক’ বুলিয়ে তেওঁ ৰচনা কৰিছিল। কিন্তু ইয়াৰ প্ৰায়ভাগ কবিতাতে কবিৰ নিজস্ব শৈলী প্ৰকাশ পোৱাত সেইবোৰ হৈ পৰিছে বৈশিষ্ট্যপূৰ্ণ।

নাট্যকাৰ হিচাপে বেজবৰুৱাই প্ৰহসনত হাত দিয়ে। সেই প্ৰহসনবোৰক নিভাঁজ হাস্যৰসে সঞ্জীৱিত কৰিছে। সৰল আৰু নিৰ্বোধ চহা চৰিত্ৰৰ ব্যৱহাৰ আৰু কথা-বৰ্তাৰ হাস্যাস্পদ ৰূপ নাটকেইখনত দাঙি ধৰিছে। তেওঁ ‘জয়মতি কুঁৱৰী’, ‘বেলিমাৰ’ বিয়োগান্তক নাটক । আকৌ ‘চক্ৰধ্বজ সিংহ’, 'সুখান্তক' ঐতিহাসিক নাটক।

তত্ত্বমূলক গ্ৰন্থৰেও তেওঁ অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰিছে। ‘তত্ত্বকথা’ এই প্ৰসংগত উল্লেখযোগ্য সৃষ্টি। হাস্যমূলক ৰচনাৰে অসমীয়া সাহিত্যত তেওঁ ‘ৰসৰাজ’ নামেৰে পৰিচিত হৈছে।

মৃত্যু :

বেজবৰুৱাই জীৱনৰ অন্তিম সময়খিনি সম্বলপুৰ, বৰোডা, বোম্বাই, নাগপুৰ আদি বিভিন্ন ঠাইত কটোৱাৰ পিছত ১৯৩৭ চনৰ ১৮ আগষ্টত অসমলৈ ঘূৰি আহে। ১৯৩৮ চনৰ মাৰ্চ মাহৰ ২৬ তাৰিখে ডিব্ৰুগড় চহৰত থকা জী-জোৱাইৰ ঘৰত বেজবৰুৱাৰ মৃত্যু হয়।

পদ্মনাথ গোহাঞিবৰুৱা (১৮৭১-১৯৪৬)

Renowned Writers of Assamese Literature and Culture for Assam TET

পদ্মনাথ গোহাঞিবৰুৱা (Padmanath Gohain Baruah) ৰ জন্ম হয় উত্তৰ লক্ষ্মীমপুৰৰ নকাৰি গাঁৱত ১৮৭১ খ্ৰীষ্টাব্দত। পিতাক ঘিনাৰাম বৰুৱা আৰু মাতৃৰ নাম লম্ভীদেৱী আছিল। ঘিণাৰাম গোহাঞিবৰুৱাৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ জাঁজী মৰাণ গাঁৱত। তেখেতৰ পিতৃদেৱতাৰ নাম আছিল কিনাৰাম গোহাঞি ডেকাবৰুৱা। তেওঁ থাউমুং ক্লিংলুনমং বুঢ়াগোহাঞিৰ বংশৰ লোক আছিল।

পদ্মনাথ গোহাঞিবৰুৱা দেৱে স্কুলীয়া শিক্ষা লক্ষ্মীমপুৰত আৰম্ভ কৰি শিৱসাগৰত শেষ কৰে। কলিকতাৰ কলেজত কিছুদিন অধ্যয়ন কৰে, কিন্তু এফ.এ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি উলটি আহি কোহিমা আৰু যোৰহাটৰ ইংৰাজী স্কুলত কিছুদিন শিক্ষকতা কৰে।

কেইবছৰমান পিছত চাকৰি এৰি তেজপুৰত নিগাজীভাৱে বসতি কৰিবলৈ লয়। তেওঁ তেজপুৰ মিউনিচিপালিটিৰ কেবাবছৰো চেয়াৰমেন আছিল। তাৰ বাহিৰেও অসম কাউন্সিলৰ মেম্বাৰ, আহোম এছোছিয়েচনৰ সভাপতি আদি ভালেখিনি ৰাজহুৱা কামত লিপ্ত আছিল। সাহিত্য-চৰ্চাৰ কাৰণে তেখেতে অসম চৰকাৰৰ পৰা এটি আজীৱন বৃত্তিও ভোগ কৰিছিল।

১৮৮০ চনত তেওঁ কলিকতা (বৰ্তমানৰ কলকাতা) ত পঢ়াৰ সময়ত ‘জোনাকী’ ৰ সংস্পৰ্শলৈ আহে। কলিকতাৰ অ.ভা.উ.সা. সভাৰ প্ৰধান উদ্যোক্তা আৰু পঢ়ি থকা অৱস্থাতে তেওঁ বেণুধৰ ৰাজখোৱা, কৃষ্ণপ্ৰসাদ দুৱৰা আদিৰ লগত সংযোগ হৈ ‘বিজুলী’ নামে মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল। 

‘বিজুলী’ৰ প্ৰথম বছৰত সম্পাদক আছিল কৃষ্ণপ্ৰসাদ দুৱৰা আৰু দ্বিতীয়-তৃতীয় বছৰৰ সম্পাদক আছিল পদ্মনাথ গোহাঞিবৰুৱা। অশেষ কষ্ট স্বীকাৰ কৰি তেওঁ তিনিবছৰ ‘বিজুলী’ চলাবলৈ সমৰ্থ হয়। ‘জোনাকী’ৰ লগতে ‘বিজুলী’য়েও অসমীয়া সাহিত্যলৈ এটা নতুন উদ্দীপনাৰ ধল অনাত সহায় কৰিছিল। এই ‘বিজুলী’তে ১৮৯০-৯১ চনত তেওঁৰ ‘ভানুমতী’ উপন্যাস প্ৰকাশ পায়। তাৰ লগে লগেই তেওঁ দ্বিতীয় উপন্যাস ‘লাহৰী’ লিখি উলিয়ায়।

প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত ব্যক্তিগত দাম্পত্য-জীৱনৰ ঘটনা লৈ ‘লীলা’ কাব্য ৰচনা কৰে। ইয়াৰ এবছৰ পিছত খণ্ড কবিতাৰ পুথি ‘জুৰণি’ প্ৰকাশ পায়। তেওঁ আছিল ১৯১৭ চনৰ অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ প্ৰথমগৰাকী সভাপতি।

নাটকৰ ভিতৰত হ’ল –

জয়মতী (১৯০০), গদাধৰ (১৯০৭), সাধনী (১৯১১), আৰু লাচিত বৰফুকন (১৯১৫) আদি। 

তেখেতৰ প্ৰহসনমূলক নাটক তিনিখন হ’ল গাওঁবুঢ়া (১৮৯৭), টেটোন তামুলী (১৯০৯) আৰু ভূত নে ভ্ৰম (১৯১৫)। 

পৌৰাণিক নাটক হ’ল – বাণৰজা (১৯৩২)।

উপন্যাস -

তেখেতৰ উপন্যাস দুখন হ’ল – ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২)। 

আত্মজীৱনী – ‘মোৰ সোঁৱৰণী’ (১৯৭২)। 

ধৰ্মমূলক গ্ৰন্থ – শ্ৰীকৃষ্ণ (১৯৩০)। শ্ৰীমদ্ভাগৱত গীতাৰ আলমত ৰচনা কৰে ‘গীতাসাৰ’ (১৯৩৫)।

অসমীয়া শিক্ষাৰ্থীসকলৰ পাঠ্যপুথিৰ অভাৱ দূৰ কৰিবলৈ ৰচনা কৰা পুথিসমূহ হ’ল – নীতিশিক্ষা, আদি শিক্ষা, মহাৰাণী, অসম বুৰঞ্জী, হিন্দু বুৰঞ্জী, সাহিত্য সংগ্ৰহ (১৮৯০), জীৱনী সংগ্ৰহ (১৯১৫), বুৰঞ্জীবোধ, ভূগোল দৰ্পণ, দেশী কছৰত্, শিক্ষাবিধি আদি গ্ৰন্থ।

মৃত্যু :

অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক গোহাঞি বৰুৱাৰ পৰলোকপ্ৰাপ্তি হয় ১৯৪৬ চনৰ ২১ এপ্ৰিল তাৰিখে (৭ বহাগ)। 

চন্দ্ৰকুমাৰ আগৰৱালা(১৮৬৭-১৯৩৭)

Renowned Writers of Assamese Literature and Culture for Assam TET

১৮৬৭ চনৰ ২৮ নৱেম্বৰত শোণিতপুৰ জিলাৰ গহপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ হৰিবিলাস আগৰৱালা আৰু মাতৃ মলমা। 

কলিকতাতে তেওঁ স্কুলীয়া আৰু কলেজীয়া শিক্ষা লাভ কৰে, কিন্তু বি.এ পৰীক্ষা নিদি ব্যৱসায়ত ধৰে। তেওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগ লাগি ১৮৮৯ খ্ৰীষ্টাব্দত ‘জোনাকী’ কাকত উলিয়ায়।

চন্দ্ৰকুমাৰ আগৰৱালা (Chandra Kumar Agarwala) জোনাকীৰ প্ৰথম সম্পাদক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ তেখেত আছিল অন্যতম। জোনাকী’ৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আগৰৱালাৰ ‘বনকুঁৱৰী’ নামৰ গীত-কবিতাটিৰেই আধুনিক কবিতাৰ শুভাৰম্ভ আৰু এই 'বনকুঁৱৰী'য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। এই জোনাকীতে প্ৰকাশ পোৱা কবিতাৰ সমুজ্জ্বল হ’ল ‘প্ৰতিমা’(১৯১৩)। বেজবৰুৱাই উক্ত পুথিৰ আলোচনা প্ৰসঙ্গত লিখিছিল- ‘প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ’। সেয়ে আগৰৱালাক "প্ৰতিমাৰ খনিকৰ" বুলিও অভিহিত কৰা হয়। 

তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল। 'জোনাকী' আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে 'জোনাকী যুগৰ ত্ৰিমূৰ্তি' বুলি কোৱা হয়।

তেওঁৰ দ্বিতীয় কবিতাৰ পুথি ‘বীণ-বৰাগী’(১৯২৩)। ‘বাঁহী’ত প্ৰকাশ পোৱা কবিতাৰ সমষ্টিয়েই ‘বীণ-বৰাগী’। সংখ্যাত তাকৰ হ’লেও এই দুখন কবিতাৰ পুথিয়ে চন্দ্ৰকুমাৰৰ উচ্চ আৰু সূক্ষ্ম কবি প্ৰতিভাৰ পৰিচয় দিয়ে । মৃত্যুৰ পাছত ১৯৬৭ চনত প্ৰকাশিত তেওঁৰ আন এখন পুথি চন্দ্ৰামৃত।

বনকুৱঁৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতা সমূহৰ অন্যতম কবিতা।

১৯১৮ চনত সাদিনীয়া বাতৰি ‘অসমীয়া’ উলিয়ায়। এই কাকতেই পিছত তিনিদিনীয়া আৰু শেষত ‘দৈনিক অসমীয়া’ত ৰূপান্তৰিত হয়। বেজবৰুৱাৰ ‘বাঁহী’খনো শেষৰ কেইবছৰ তেওঁৰ ছপাখানাতে ছপা হৈ সাহিত্যৰ যোগান ধৰিছিল। গুৱাহাটী ‘নিউ প্ৰেছ’ আৰু কেইবাখনো চাহ বাগিচা থকাটো এওঁৰ ব্যৱসায় পটুতাৰ পৰিচায়ক।

ড° সত্যনাথ শৰ্মাৰ ভাষাত তেওঁৰ(চন্দ্ৰকুমাৰ) কবিতাৰ বিষয়বস্তুত দৰ্শনৰ গুৰু-গাম্ভীৰ্য আৰু প্ৰকাশভঙ্গীত লোকগীতৰ লয়লাস ভঙ্গী পোৱা যায়। সৌন্দৰ্যৰ সন্ধান, মানৱপ্ৰীতি, বৈদান্তিক প্ৰভাৱ বা অদ্বৈতদৃষ্টি, বৈষম্যপূৰ্ণ পুৰণি পৃথিৱীক ধ্বংস কৰি সাম্যভাৱৰ ওপৰত প্ৰতিষ্ঠিত নতুন সমাজৰ আহ্বান আৰু সবল আশাবাদ চন্দ্ৰকুমাৰৰ কবিতাৰ বিশেষত্ব। তেওঁৰ দৃষ্টিত সত্য আৰু সুন্দৰৰ প্ৰভেদ নাই। তেওঁৰ দৃষ্টিত ‘মানুহেই দেৱ, মানুহেই সেৱ, মানুহেই পৰাৎপৰ’। মানৱৰ নীচতা আৰু স্বাৰ্থপৰতা দেখি ‘ক্ৰধসংৰক্তনয়ন’ হ’লেও মানৱৰ অসীম সম্ভাৱনা সম্পৰ্কে আস্থা হেৰুৱা নাই। দিব্যদৃষ্টিৰে কবিয়ে দেখা পাইছে মুকলি আকাশ, মুকলি বতাহৰ তলত মানৱৰ অকলঙ্ক মধুৰিমা। মুকলি মনৰ দাপোণত প্ৰতিবিম্বিত হৈছে মানুহৰ মহত্ত্ব আৰু দেৱত্ব।

মৃত্যু :

১৯৩৮ চনৰ ২ মাৰ্চত গুৱাহাটীৰ উজানবজাৰৰ নিজা ঘৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হয়।

জ‍্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩ - ১৯৫১)

Renowned Writers of Assamese Literature and Culture for Assam TET

জ্যোতিপ্ৰসাদ আগৰৱালা (Jyotiprasad Agarwala) অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয়।

১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা।

অসমীয়া সাহিত্যলৈ জ্যোতিপ্ৰসাদৰ অৱদান :

১৪ বছৰ বয়সতেই  তেওঁ ‘শোণিত কুঁৱৰী’ নাটক আৰু ‘গছে গছে পাতি দিলে’ নামৰ প্ৰকৃত অসমীয়া সুৰ থকা আধুনিক গীত ৰচনা কৰিছিল। জ্যোতিপ্ৰসাদে প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰক জ্যোতি সংগীত বুলি কোৱা হয়।

গীত- সৰ্বমুঠ ৩৭৭ টা গীত সংৰক্ষিত, যি তেওঁৰ নাটক, চিত্ৰনাট্য অন্যান্য ৰচনা আৰু কথাছবিত আদিত নিহিত আছে।

কবিতা- ৪৬ বা তাতোধিক দীঘলীয়া আৰু চুটি সংৰক্ষিত কবিতা।

নাটক- শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, নিমাতী কইনা, খনিকৰ, সোণপখিলী, কনকলতা।

শিশু- সাহিত্য- শিশু-কবিতা, জ্যোতি-ৰামায়ণ, ঘোঁৰা-ডাঙৰীয়া।

জীৱনী- চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱনী

চুটিগল্প- ৰূপহী, বগীতৰা, সোণতৰা, সোণটিৰ অভিযান, যুঁজাৰু, সতীৰ সোঁৱৰণী, সন্ধ্যা, প্ৰত্নতাত্ত্বিক কালঘুমটি, নীলা চৰাই।

উপন্যাস- আমাৰ গাঁও ( অৰ্ধ সমাপ্ত)

সংবাদসেৱা- ১৯৪৪ চনৰ পৰা বন্ধ হৈ থকা ‘অসমীয়া’ কাকতৰ তেখেতে পুনৰ প্ৰকাশ আৰু সম্পাদনা কৰিছিল।

জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।

১) জয়মতী (১৯৩৫)

২) ইন্দ্ৰমালতী (১৯৩৯)

অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৪ চনত ১৭ জুন তাৰিখে ভাৰত চৰকাৰে আগৰৱালাৰ এটা স্মৃতি ৰক্ষামূলক এটা ডাক টিকট মুকলি কৰে।

মৃত্যু :

১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ।

হেম বৰুৱা (১৯১৫ - ১৯৭৭)

Renowned Writers of Assamese Literature and Culture for Assam TET

হেম বৰুৱা (Hem Barua) ৰ জন্ম হয় ১৯১৫ চনত তেজপুৰত। তেওঁৰ দেউতাকৰ নাম আছিল বিনন্দিৰাম বৰুৱা আৰু মাকৰ নাম আছিল পদ্মালোচনী দেৱী। তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় যোৰহাটত। তাৰ পিছত ক্ৰমে কটন কলেজৰ পৰা বি.এ আৰু কলিকতাৰ পৰা ইংৰাজী সাহিত্যত এম.এ পাছ কৰে। প্ৰথমে যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত অধ্যাপকৰূপে কাম কৰাৰ পিছত বি.বৰুৱা কলেজৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়। তাৰ পৰাই তেওঁ লোকসভাৰ সদস্য নিয়োজিত হয়।

হেম বৰুৱাৰ প্ৰথমখন ৰচনাৰ নাম আছিল Idealism and Romance in Modern Drama । মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ মুঠ ৩৫খন গ্ৰন্থ ৰচনা কৰিছিল। মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য। বালিছন্দা (১৯৫৯) আৰু মনময়ূৰী (১৯৬৫) তেওঁৰ কবিতা-সংকলন । একাংশ কাব‍্যৰসিক তথা সমালোচকে তেওঁৰ মমতাৰ চিঠি কবিতাটোক অসমীয়া ভাষাৰ "শ্ৰেষ্ঠ ক্লাছিক কবিতা" বুলি স্বীকৃতি দিছে।

হেম বৰুৱাই অসমীয়া কবিতাক আধুনিকতাৰ ৰূপ দিয়ে বুলি ক’ব পাৰি। তেওঁৰ ‘বান্দৰ’ নামৰ কবিতাটি তাৰেই এক নিদৰ্শন। তেওঁ এগৰাকী সুসমালোচক আছিল।

হেম বৰুৱাই পৃথিৱীৰ বহুতো ঠাই যেনে- ইংলেণ্ড, আমেৰিকা, ৰাছিয়া, থাইলেণ্ড আদি পৰিভ্ৰমণ কৰি তাৰ অভিজ্ঞতাৰে কেবাখনো গ্ৰন্থ ৰচনা কৰে। তাৰ ভিতৰত সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলো আদি উল্লেখযোগ্য গ্ৰন্থ। The Real River and the Blue Hill, August Revolution in Assam, Assamese Literatureকে আদি কৰি ইংৰাজীতো কেইখনমান উৎকৃষ্ট গ্ৰন্থ ৰচনা কৰি থৈ যায়।

ড° ভবেন্দ্ৰ নাথ শইকীয়া (১৯৩২ – ২০০৩)

Renowned Writers of Assamese Literature and Culture for Assam TET

ড° ভবেন্দ্ৰ নাথ শইকীয়া (Dr. Bhabendra Nath Saikia) ৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত। তেওঁৰ দেউতাকৰ নাম আছিল বিদূৰ শইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শইকীয়া।

স্বাধীনোত্তৰ কালৰ এজন উল্লেখযোগ্য সাহিত্যিক ড° ভবেন্দ্ৰ নাথ শইকীয়া মূলত গল্পকাৰ আৰু ঔপন্যাসিক। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পাছত তেওঁ বিশ্ববিদ্যালয় পাঠ্যপুঠি প্ৰস্তুতি সমিতিৰ সচিব নিযুক্ত হয়। তাৰ পাছত তেওঁ চাকৰি এৰি লিখাত মনোনিবেশ কৰে আৰু অসমীয়া সাহিত্যলৈ গল্প, উপন্যাসৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়ায়।

অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল।

তেওঁ আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। ইয়াৰে সাতখন বোলছবিৰ কাৰণে তেওঁ ভাৰত চৰকাৰৰ ৰজত কমল বঁটা লাভ কৰিছিল। তেওঁ ১৯৭৬ চনত সাহিত্য অকাডেমি বঁ‌টা আৰু ১৯৯০ চনত 'অসম উপত্যকা সাহিত্য বঁটা'ৰ লগতে পদ্মশ্ৰী সন্মানো লাভ কৰিছিল। 

তেওঁৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটি আছিল সত্যপ্ৰিয় পাঠক । উক্ত ছদ্মনামেৰে লিখা আটাইকেইটা লেখা প্ৰান্তিকৰ পাততে প্ৰকাশিত হৈছিল। সত্যপ্ৰিয় পাঠকৰ পাছত তেওঁ‌ বেছিকৈ সদানন্দ পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল। এইটো ছদ্ননামেৰে তেওঁ সৰ্বমুঠ ছটা লেখা লিখিছিল। ১৯৯০ চনত ড০ ভবেন্দ্ৰ নাথ শইকীয়াই অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল৷

গল্পকাৰ হিচাপে ড° ভবেন্দ্ৰ নাথ শইকীয়া ব্যক্তি চৰিত্ৰৰ বৈচিত্ৰ্যময়, প্ৰাত্যহিক জীৱনৰ একোটি মুহূৰ্ত বা অভিব্যক্তি, সামাজিক জীৱনৰ পৰিস্থিতি চিত্ৰগণ নিপুণ। ‘প্ৰহৰ’, ‘গহ্বৰ’, ‘সেন্দূৰ’, ‘শৃংখল’, ‘তৰঙ্গ’, ড° শইকীয়াৰ প্ৰকাশিত গল্প সংকলন। তেওঁ উপন্যাস ৰচনাৰ দিশতো মনোনিবেশ কৰে। ‘অন্তৰীপ’ তেওঁৰ উল্লেখযোগ্য উপন্যাস।

গল্প, উপন্যাস ৰচনাৰ উপৰি তেওঁ বোলছবিৰ পৰিচালক ৰূপেও সুখ্যাতি লাভ কৰে। সন্ধ্যাৰাগ কথাছবিৰে শইকীয়াই চলচ্চিত্ৰ পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে। বোলছবিৰ পৰিচালক হিচাপে তেওঁ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। তেওঁ এজন সফল নাট্যকাৰো। ভ্ৰাম্যমাণ থিয়েটাৰত তেওঁ কেইবাখনো নাটক ৰচনা কৰি কৃতিত্বৰ পৰিচয় দিয়ে। তেওঁ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰে।

বঁটা আৰু সন্মান :

ড॰ শইকীয়াৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল:

• অসম প্ৰকাশন পৰিষদ বঁটা
• সাহিত্য অকাডেমি বঁটা
• অসম উপত্যকা সাহিত্য বঁটা
• শ্ৰীমন্ত শংকৰদেৱ বঁটা
• পদ্মশ্ৰী বঁটা

মৃত্যু :

২০০৩ চনৰ ১৩ আগষ্টত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই ৰোগাক্ৰান্ত হৈ নশ্বৰ দেহ ত্যাগ কৰে।

ড° নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪)

Renowned Writers of Assamese Literature and Culture for Assam TET

ড° নিৰ্মলপ্ৰভা বৰদলৈ (Nirmal Prabha Bordoloi) অসমৰ এগৰাকী সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা। 

নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হৈছিল ১৯৩৩ চনৰ ২০ জুন তাৰিখে। জন্মস্থান হৈছে শিৱসাগৰ টাউনৰ মাজমজিয়াত থকা পুৰণা আমোলাপট্টি বা গণকপটি। পিতৃৰ নাম আছিল ধৰ্মেশ্বৰ শৰ্মা বৰদলৈ আৰু মাতৃৰ নাম আছিল মুক্তাবালা বৰদলৈ। তেওঁ ১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল।

'সূদীৰ্ঘ দিন আৰু ৰাতি' শীৰ্ষক কাব্য-সংকলনৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।

তেওঁ ৰচনা কৰা কবিতাপুথিসমূহ হ’ল- ‘বন ফৰিঙৰ ৰং’, ‘দিনৰ পিছত দিন’, ‘অন্তৰঙ্গ’, ‘সুদীৰ্ঘ দিন আৰু ৰাতি’, ‘শব্দৰ ইপাৰে শব্দৰ সিপাৰে’, ‘নিৰ্বাচিত কবিতা’ আদি। কবিতাৰ উপৰি তেওঁ তত্ত্বমূলক গ্ৰন্থও ৰচনা কৰে। তেওঁ অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনৰ সভাপতি পদ অলংকৃত কৰে। ড° নিৰ্মলপ্ৰভা বৰদলৈৰ তত্ত্বসমৃদ্ধ গ্ৰন্থবোৰ হ’ল ‘দেৱী’, ‘সূৰ্য’ আদি। অসমীয়া কাব্য সাহিত্য সম্পৰ্কে তেওঁ বহুতো মূল্যৱান গ্ৰন্থ ৰচনা কৰে।

‘জলপদ্ম’ নামৰ উপন্যাসখন মাজুলীৰ পটভূমিত লিখা। এওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰি অসমীয়া কাব্য সাহিত্যক গৌৰাৱোজ্জ্বল কৰি তোলে।

স্বীকৃতি আৰু সন্মান :

• ১৯৫৭ চনত শিশু সাহিত্যক ৰূপে ৰাষ্ট্ৰপতিৰ বঁটা
• ১৯৭৭ চনত "দিনৰ পিছত দিন" গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বঁটা
• ১৯৮৩ চনত "সুদীৰ্ঘ দিন আৰু ৰাতি" কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা
• ১৯৮৭ চনত অসম সংস্কৃত সমাজৰ পৰা "সৰস্বতী" উপাধি লাভ
• ১৯৮৯ চনত গৱেষণা গ্ৰন্থ "দেৱী"ৰ বাবে অসম সাহিত্য সভাৰ বঁটা
• ১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনৰ সভানেত্ৰী পদৰ সন্মান
• ২০০১ চনত প্ৰবীণা শইকীয়া বঁটা

ভৱানন্দ দত্ত (১৯১৮-১৯৫৯)

Renowned Writers of Assamese Literature and Culture for Assam TET

ভৱানন্দ দত্ত (Bhabananda Dutta) একাধাৰে গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক। নচিকেতা ছদ্মনামেৰে তেওঁ অসমীয়া কবিতা লিখিছিল আৰু বাটকটীয়া হিচাপে পৰিগণিত হৈছিল। 

তেখেতৰ জন্ম হয় ১৯১৯ চনৰ জুন মাহৰ ২ তাৰিখে যোৰহাটত। পিতৃৰ নাম সৰ্বানন্দ দত্ত আৰু মাতৃৰ নাম মনোমোহিনী দত্ত।

১৯৪৪ চনত ৰঘুনাথ চৌধাৰী সম্পাদিত জয়ন্তী আলোচনীত নচিকেতা নামত কবিতা লিখি আধুনিক অসমীয়া কবিতাৰ বাটকটীয়া হিচাপে বিশেষ পৰিচিতি লাভ কৰে।

ভবানন্দ দত্ত আছিল বহুমুখী প্ৰতিভাৰ গৰাকী ।শিক্ষা দীক্ষা,ৰাজনীতিৰ সমান্তৰালকৈ সাহিত্যৰ পথাৰখনো জীপাল কৰি তুলিছিল নিজৰ প্ৰতিভাৰ জোৰত ।তেখেতে ১৯৪৪ চনতে ৰঘুনাথ চৌধাৰী সম্পাদিত জয়ন্তী আলোচনীত নচিকেতা ছদ্মনামত কবিতা লিখি আধুনিক অসমীয়া কবিতাৰ বাটকটীয়া হিচাপে বিশেষ পৰিচিতি লাভ কৰিছিল ৷

ৰাজপথ তেখেতৰ এটি বিখ্যাত কবিতা ৷ তেখেতে Philosophy and India (1959), ৰবীন্দ্ৰ প্ৰতিভা(1960),দৃষ্টি আৰু দৰ্শন(1961),অসমীয়া কবিতাৰ কাহিনী(1969),অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন(1989) আদিকে ধৰি বিভিন্ন বিষয়ৰ কেইবাখনো বহুমূলীয়া গ্ৰন্থ দত্তদেৱে পাঠক সমাজক উপহাৰ দি থৈ যায় ৷ উল্লেখযোগ্য যে ফিলছফি ইন ইণ্ডিয়া ভবানন্দ দত্তৰ জীৱনকালত প্ৰকাশিত একমাত্ৰ গ্ৰন্থ। বাকীকেইখন মৰণোত্তৰভাৱে প্ৰকাশিত ৷

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৪ অক্টোবৰ, ১৯২৪ – ৬ আগষ্ট, ১৯৯৭)

Renowned Writers of Assamese Literature and Culture for Assam TET

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য  (Birendra Kumar Bhattacharya) অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। তেওঁ ১৯৭৯ চনত 'মৃত্যুঞ্জয়' উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া লেখক আছিল। 

তেওঁ ১৯৬১ চনত 'ঈয়াৰুইঙ্গম' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল। ২০০৫ চনত Love in the Time of Insurgency নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়। ১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল। 

বিশেষকৈ অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ সভাপতি (১৯৮৩) পদত অধিষ্ঠিত হৈছিল।

উপন্যাস :

• ৰাজপথে ৰিঙিয়াই (১৯৫৬)
• আই (১৯৬০)
• ঈয়াৰুইঙ্গম (১৯৬১)
• প্ৰতিপদ
• শতঘ্নী (১৯৬৪)
• মৃত্যুঞ্জয় (১৯৭০)
• চিনাকি সুঁতি (১৯৭১)
• বল্লৰী (১৯৭৩)
• ডাইনী (১৯৭৬)
• ৰঙা মেঘ (১৯৭৬)
• মুনিচুনিৰ পোহৰৰ (১৯৭৯)
• কবৰ আৰু ফুল (১৯৭২)
• বুঢ়ী আইতাৰ পুৰাণ (১৯৯৩)

গল্পপুথি :

• কলং আজিও বয় (১৯৬২)
• সাতসৰী (১৯৬৩)
• খিৰিকী কাষৰ আসন (১৯৯৪)

কবিতাপুথি :

• সান্ধ্যস্বৰ (১৯৯০)

স্বীকৃতি আৰু সন্মান :

• সাহিত্য অকাডেমি বঁটা (১৯৬০)
• জ্ঞানপীঠ বঁটা (১৯৭৯)

Must Read : Life History of Madhabdev in Assamese

Must Read : Life History of Ananta Kandali in Assamese

Must Read : Life History of Madhab Kandali in Assamese

Must Read : Biography of Ram Saraswati in Assamese

Well this is the brief detail about Renowned Writers of Assamese Literature and Culture for Assam TET. This article will be updated soon and we are going to add more famous writers of Assam to help our viewers to know more for the preparation of upcoming much awaited Assam TET both for LP & UP level exam. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

* Names of Ahom Kings and their Ruling Period 

* First in Assamese First Assamese

* Cultural History of Ahom Kingdom

Hello if you like the article on Renowned Writers of Assamese Literature and Culture for Assam TET Exam, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.