Biography of Missile Man Dr APJ Abdul Kalam in Assamese - ড॰ এ পি জে আব্দুল কালামৰ বিষয়ে

Life History of Former President of India Dr APJ Abdul Kalam in Assamese - ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড॰ এ পি জে আব্দুল কালামৰ জীৱন বৃত্তান্ত

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ Assam GK Gyan ৱেবছাইটলৈ। আমাৰ ৱেবছাইটৰ পেজ সমূহৰ দ্বাৰা আমি আপোনালোকক অসমৰ বিভিন্ন বিষয়ৰ তথ‍্য সম্পৰ্কে জনাব বিচাৰিছো। আশা কৰিছো আপােনালােকে আমাৰ Assam GK Gyan ৰ তথ্যৰাজিৰ পৰা সামান্য হ'লেও উপকৃত হ'ব। বিশেষভাৱে এই articles সকলাে প্রতিযােগিতামূলক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰস্তুত কৰা হৈছে। আপোনালোকে যদি আমাৰ ৱেবছাইটৰ বিভিন্ন তথ‍্যসমূহ পঢ়ি উপকৃত হৈছো বুলি ভাবে তেন্তে যিমান পাৰে সিমানেই পেজবোৰ শ্বেয়াৰ কৰক, যাতে আনসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ'ব পাৰে। লগতে তলত আমাৰ টেলিগ্রাম গ্রুপ আৰু ফেচবুক পেজৰ লিংক প্ৰদান কৰা হৈছে তাতো গৈ জইন কৰিব পাৰে। আমাৰ টেলিগ্রাম গ্রুপত নিতৌ বিভিন্ন বিষয়ৰ পৰীক্ষাৰ Pdf প্ৰদান কৰা হয়‌।

Hello aspirants, in this article we have provided you the Biography of Missile Man Dr APJ Abdul Kalam in Assamese language. So, read the Life History of Former President of India Dr APJ Abdul Kalam in Assamese for the upcoming Assam TET, APSC Prelims as well as other Assam govt exams. This article on Dr APJ Abdul Kalam (ড॰ এ পি জে আব্দুল কালাম) in Assamese language are extremely important and should be a part of your preparation.

ড॰ এ পি জে আব্দুল কালামৰ জীৱন বৃত্তান্ত 

নাম : আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম

জন্ম : ১৫ অক্টোবৰ ১৯৩১ চন

জন্ম স্থান : তামিলনাডুৰ ৰামেশ্বৰম

পিতৃৰ নাম : জয়নুল আবেদিন মাৰাকায়েৰ

মাতৃৰ নাম : আশিআম্মা

শিক্ষা : মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকনলজীত এৰোনটিকেল ইঞ্জিনিয়াৰিং

পেছা : বৈজ্ঞানিক

মৃত্যু : ২৭ জুলাই, ২০১৫

আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (Avul Pakir Jainulabdeen Abdul Kalam) ৰ সৰ্বপৰিচিত নাম ড॰ এ পি জে আব্দুল কালাম। তেওঁ একাধাৰে এগৰাকী ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। কালামৰ জন্ম হৈছিল তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত ১৫ অক্টোবৰ ১৯৩১ চনত। শিক্ষাগত অৰ্হতাস্বৰূপে ড॰ এ পি জে আব্দুল কালামে তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা এৰ'স্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়।

Biography of Missile Man Dr APJ Abdul Kalam in Assamese - ড॰ এ পি জে আব্দুল কালামৰ বিষয়ে

ড॰ এ পি জে আব্দুল কালাম 
(১৫ অক্টোবৰ, ১৯৩১ – ২৭ জুলাই, ২০১৫)

মিছাইল মানৱ ড॰ এ পি জে আব্দুল কালাম

কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে "ভাৰতৰ মিছাইল মানৱ"। ভাৰতত বেলিষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু উপগ্ৰহ উৎক্ষেপণ যান প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে। ১৯৭৪ চনৰ প্ৰথম নিউক্লীয় পৰীক্ষাৰ পাছত ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" পাৰমাণৱিক পৰীক্ষণত কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভূমিকা পালন কৰিছিল।

২০০২ চনত কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।

২০২০ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নয়নশীলৰ পৰা উন্নত দেশৰ মৰ্য্যাদালৈ লৈ যাবৰ বাবে কালামে তেখেতৰ ইণ্ডিয়া ২০২০ নামৰ পুথিখনৰ যোগেদি নিজৰ পৰিকল্পনাসমূহ জনগণৰ মাজলৈ আগবঢ়াইছিল। যুৱ প্ৰজন্মৰ বাবে তেখেতে ২০১১ চনত "মই কি দিব পাৰোঁ" (What Can I Give Movement) নামেৰে এক আন্দোলনৰ সূচনা কৰে, যাৰ মূল লক্ষ্য আছিল দুৰ্নীতি নিৰ্মূলকৰণ। তথাপিও ৰাষ্ট্ৰপতি হৈ থকা কালছোৱাত ক্ষমাদানৰ আবেদন আৰু শাস্তিপ্ৰদানৰ ক্ষেত্ৰত পলম কৰাৰ বাবে কালাম সমালোচনাৰ সন্মুখীন হৈছিল।

২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত কালামৰ মৃত্যু হয়।

ড॰ এ পি জে আব্দুল কালামৰ বৈজ্ঞানিক জীৱন :

১৯৬০ চনত মাদ্ৰাজ ইন্সটিটিউট অৱ টেকন'ল'জীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত কালামে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ (ডি আৰ ডি অ') এৰ'নৌটিকেল ডেভেল'পমেণ্ট এষ্টাব্লিশ্বমেণ্টত মুখ্য বিজ্ঞানী হিচাবে যোগদান কৰে।

কালাম ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কমিটি (Indian National Committee for Space Research)-ৰ সদস্য আছিল। ইয়াত তেওঁ বিখ্যাত ভাৰতীয় বৈজ্ঞানিক বিক্ৰম সাৰাভাইৰ তত্ত্বাবধানত কাম কৰিছিল।

১৯৬৯ চনত কালামৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)-লৈ বদলি হয় আৰু তেখেতে তাত ভাৰতৰ প্ৰথম থলুৱা প্ৰযুক্তিৰে নিৰ্মিত হ'বলগীয়া উপগ্ৰহ উৎক্ষেপণ যান (এছ এল ভি-৩) প্ৰকল্পৰ প্ৰকল্প নিৰ্দেশকৰ দ্বায়িত্বভাৰ লাভ কৰে। উল্লেখযোগ্য যে এই এছ এল ভি-৩ য়ে ১৯৮০ চনৰ জুলাই মাহত ভাৰতীয় কৃত্ৰিম উপগ্ৰহ ৰোহিণীক সফলতাৰে পৃথিৱীসমীপ কক্ষপথত প্ৰক্ষেপ কৰাত সফল হয়।

ইছৰোত যোগদান কৰাটো কালামৰ জীৱনৰ সকলোতকৈ ডাঙৰ সফলতা বুলি ধৰিব পাৰি, তেখেতৰ নিজৰ ভাষ্যমতেই এছএলভি-৩ প্ৰকল্পত কাম কৰিবলৈ আৰম্ভ কৰাৰ পাছতহে নিজকে সঠিককৈ বিচাৰি পাইছিল। ১৯৬৫ চনত কালামে ডিআৰডিঅ'ত প্ৰথমবাৰৰ বাবে স্বাধীনভাৱে এক "বিস্তাৰসক্ষম ৰকেট প্ৰকল্প" (expandable rocket project)-ৰ কাম আৰম্ভ কৰে।

১৯৭০ চনত থলুৱা প্ৰযুক্তিৰে নিৰ্মিত কৃত্ৰিম উপগ্ৰহ ৰোহিণী-১ক এছ এল ভি ৰকেটৰ সহায়ত কক্ষপথত স্থাপন কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ভাৰতীয় প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰে। ১৯৭০ চনতেই কালামক প্ৰজেক্ট ডেভিল আৰু প্ৰজেক্ট ভেলিয়েণ্ট নামৰ দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পক দ্বায়িত্ব অৰ্পণ কৰা হয়, যাৰ লক্ষ্য আছিল এছ এল ভি ৰকেটৰ সফল প্ৰযুক্তি ব্যৱহাৰ কৰি বেলিষ্টিক ক্ষেপনাস্ত্ৰ তৈয়াৰ কৰা।

১৯৯২ চন জুলাই মাহৰ পৰা ১৯৯৯ চনৰ ডিচেম্বৰলৈকে কালামে প্ৰধানমন্ত্ৰীৰ মুখ্য বিজ্ঞান উপদেষ্টা আৰু ডি আৰ ডি অ'ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই সময়ছোৱাতে পোখৰান-২ (Pokhran-II) নিউক্লীয় পৰীক্ষা লানি সম্পন্ন হয় আৰু এই ক্ষেত্ৰত তেখেতৰ কাৰিকৰী আৰু ৰাজনৈতিক অবদান অত্যন্ত মহত্ত্বপূৰ্ণ। এই পৰীক্ষণত কালামে আৰ. চিদাম্বৰমৰ সৈতে মুখ্য প্ৰকল্প সমন্বয়ৰক্ষী (Chief Project Co-ordinator)-ৰ দ্বায়িত্ব পালন কৰে।

১৯৯৮ চনত হৃদৰোগ বিশেষজ্ঞ ড॰ সোমা ৰাজুৰ সৈতে লগ লাগি কালামে এক কম খৰচী "কৰনেৰী ষ্টেণ্ট" নিৰ্মাণ কৰি উলিয়ায়। বিজ্ঞানী দুজনৰ সন্মানত এই ‍ষ্টেণ্টটোক "কালাম-ৰাজু ষ্টেণ্ট" নামেৰে নামকৰণ কৰা হয়।

ৰাষ্ট্ৰপতিত্ব :

আব্দুল কালাম ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি আছিল।

ৰাষ্ট্ৰপতিৰ কাৰ্য্যকালত কালামক "জনগণৰ ৰাষ্ট্ৰপতি" (people's president) বুলি কোৱা হৈছিল।কালাম ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত তৃতীয়জন ৰাষ্ট্ৰপতি। আগৰ দুজন আছিল সৰ্বপল্লী ৰাধাকৃষ্ণণ (১৯৫৪) আৰু জাকিৰ হুছেইন (১৯৬৩)| কালাম প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি, যি চিৰকুমাৰ আৰু পেছাত এজন বিজ্ঞানী। কালামৰ মতে অফিচ অৱ প্ৰফিট বিধেয়কখন চহী কৰাটোৱেই তেখেতৰ কৰ্মকালত ল'বলগীয়া হোৱা সকলোতকৈ কঠিন নিৰ্ণয় আছিল।

• Must visit : List of Chairman of ISRO for APSC

• Must visit : List of Satellites Launched by ISRO


মৃত্যু :

২০১৫ চনৰ ২৭ জুলাই তাৰিখে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম)-ত Livable Planet earth বিষয়ত বক্তৃতা প্ৰদান কৰি থাকোঁতে সন্ধিয়া প্ৰায় ৬:৩০ বজাত অসুস্থ হৈ পৰা কালামক তৎকালীনভাৱে চিকিৎসালয়লৈ লৈ গৈ তেওঁক আই-চি-ইউত ভৰ্ত্তি কৰোৱা হ'ল। সুস্থ কৰি তুলিবলৈ চেষ্টা কৰা পাছতো হৃদয়ন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সন্ধিয়া ৭:৪৫ বজাত বেথানী চিকিৎসালয়ত তেখেতৰ মৃত্যু ঘটে।

ভাৰতৰ ভৱিষ্যত : ২০২০ :

তেখেত ৰচিত গ্ৰন্থ ভাৰতবৰ্ষ ২০২০: নতুন সহস্ৰাব্দৰ ৰূপৰেখা (India 2020: A Vision for the New Millennium)-ত কালামে ২০২০ চনৰ ভিতৰত ভাৰতক এক প্ৰজ্ঞা মহাশক্তি (Knowledge Superpower) আৰু উন্নতিশীলৰ পৰা উন্নত দেশলৈ পৰিবৰ্তিত কৰিবৰ বাবে এক কৰ্মসূচী তৈয়াৰ কৰাৰ দৃঢ়মত পোষণ কৰে। নিউক্লীয় অস্ত্ৰৰ ওপৰত কৰা তেখেতৰ গৱে‍‍ষণাক তেখেতে ভাৰতক ভৱিষ্যতৰ মহাশক্তি ৰূপে গঢ়ি তোলাৰ এক পদক্ষেপ বুলি গণ্য কৰে।

কালামে বিজ্ঞান আৰু প্ৰযুক্তি বিকাশৰ আন আন ক্ষেত্ৰ সমূহতো সক্ৰিয় সহযোগ আৰু আগ্ৰহ অব্যাহত ৰাখিছিল। তেখেতে "জৈৱ-প্ৰত্যাৰোপক" (Bio-Implants)-ৰ বিকাশৰ বাবে এক গৱষণা কাৰ্যসূচীৰ প্ৰস্তাৱ ৰাখিছিল। তেখেত মালিকীস্বত্বাধীন চফ্টৱেৰতকৈ "অপেন চ'ৰ্চ" (Open Source) চফ্টৱেৰৰ ব্যৱহাৰৰ এজন সমৰ্থক আছিল।

পুৰস্কাৰ আৰু সন্মানসমূহ :

২০১৫ চনত ৰাষ্ট্ৰসংঘই তেওঁৰ জম্মদিন ১৫ অক্টোবৰক "বিশ্ব শিক্ষাৰ্থী দিৱস" হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে। ৪০খন বিশ্ববিদ্যালয়ে তেখেতক সন্মানসূচক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ভাৰত চৰকাৰেও ডি আৰ ডি অ' আৰু ইছৰোৰ লগতে চৰকাৰৰ বিজ্ঞান উপদেষ্টাৰ ৰূপত তেখেতৰ অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৮১ চনত পদ্মভূষণ আৰু ১৯৯০ চনত পদ্মবিভূষণ উপাধিৰে কালামক সন্মানিত কৰে।

১৯৯৭ চনত, ভাৰতৰ প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিজ্ঞানসন্মত গৱেষণাৰ আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত কালামৰ যুগান্তকাৰী অৱদানৰ বাবে তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰা হয়।

প্ৰকাশন বা কালামৰ লিখনিসমূহ :

• ভাৰতবৰ্ষ ২০২০: নতুন সহস্ৰাব্দৰ ৰূপৰেখা (India 2020: A Vision for the New Millennium): এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত, Y. S. Rajan; New York, 1998.
• অগ্নিৰ ডেউকা (Wings of Fire): এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত, Arun Tiwari; Universities Press, 1999.
• তেজস্বী মন (Ignited Minds: Unleashing the Power Within India): এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত; Viking, 2002.
• The Luminous Sparks: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত, by; Punya Publishing Pvt Ltd., 2004.
• Mission India: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত, Paintings by Manav Gupta; Penguin Books, 2005.
• Inspiring Thoughts: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত; Rajpal & Sons, 2007
• অদম্য শক্তি (Indomitable Spirit): এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত; Rajpal and Sons Publishing.
• Envisioning an Empowered Nation: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত with A Sivathanu Pillai; Tata McGraw-Hill, New Delhi
• চিৰ জ্যোতিষ্মান হোৱা (You Are Born To Blossom: Take My Journey Beyond): এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত and Arun Tiwari; Ocean Books, 2011.
• টাৰ্নিং পইণ্ট্‌ছ: প্ৰত্যাহ্বান ভৰা এক যাত্ৰা (Turning Points: A journey through challenges): এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত; Harper Collins India, 2012.
• Target 3 Billion: এ পি জে আব্দুল কালাম আৰু শ্ৰীজন পাল সিঙৰ দ্বাৰা ৰচিত; December 2011 | Publisher Penguin Books.
• My Journey: Transforming Dreams into Actions: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত; August 2013 by the Rupa Publication.
• A Manifesto for Change: A Sequel to India 2020: এ পি জে আব্দুল কালাম আৰু ভি পুনৰাজৰ দ্বাৰা ৰচিত; July 2014 by Harper Collins.
• Forge your Future: Candid, Forthright, Inspiring: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত; by Rajpal and Sons, 29 October 2014.
• Reignited: Scientific Pathways to a Brighter Future: এ পি জে আব্দুল কালাম আৰু শ্ৰীজন পাল সিঙৰ দ্বাৰা ৰচিত; by Penguin India, 14 May 2015.
• Transcendence: My Spiritual Experiences with Pramukh Swamiji: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত with Arun Tiwari; HarperCollins Publishers, June 2015.
• Advantage India: From Challenge to Opportunity: এ পি জে আব্দুল কালাম আৰু শ্ৰীজন পাল সিঙৰ দ্বাৰা ৰচিত; HarperCollins Publishers,15 Oct 2015.

ড॰ এ পি জে আব্দুল কালামৰ জীৱনীমূলক গ্ৰন্থ :

• Eternal Quest: Life and Times of Dr Kalam by S Chandra; Pentagon Publishers, 2002.

• President A P J Abdul Kalam by R K Pruthi; Anmol Publications, 2002.

• A P J Abdul Kalam: The Visionary of India by K Bhushan, G Katyal; A P H Pub Corp, 2002.

• A Little Dream (documentary film) by P. Dhanapal; Minveli Media Works Private Limited, 2008.

• The Kalam Effect: My Years with the President by P M Nair; Harper Collins, 2008.

• My Days With Mahatma Abdul Kalam by Fr A K George; Novel Corporation, 2009.

মিছাইল মেন আবুল পাকিৰ জয়নুল আবেদিন  আব্দুল কালামৰ কেইটামান মহৎ বাণী। যিকেইটায়ে আপোনাৰ জীৱন সলনি কৰি দিব --

১. এটি ভাল কিতাপ এশ ভাল বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু এটি লাইব্ৰেৰীৰ সমান।

২. সফলতাৰ গল্প নপঢ়িবা, কাৰণ তাৰ পৰা তুমি  গল্পটোহে জানিবা ব্যর্থতাৰ গল্প পঢ়া, তেন্তে সফল হোৱাৰ কিছু উপায় পাবা।

৩. সপোন পূৰণ নোহাৱা লৈকে সপোন দেখি যোৱা ।

 সপোন সেয়া নহয়, যি মানুহে নিদ্ৰাত দেখে ,সপোন সেয়া হয়, যিয়ে নেকি তাক পূৰণৰ প্রত্যাশাই সপোনৰ গৰাকীক নিদ্ৰা যাবলৈ নিদিয়ে। 

৪. মানুহে নিজৰ ভবিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে , কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে। 

৬. উদাৰ ব্যক্তিসকলে ধর্মক ব্যৱহাৰ কৰি বন্ধুত্বৰ হাত শক্তিশালী কৰে । কিন্তু সংকীর্ণ মনস্ক সকলে ধর্মক যুদ্ধৰ অস্ত্র হিচাপে ব্যৱহাৰ কৰে।

৭. প্ৰকৃত নেতাই সমস্যাক ভয় নকৰে । বৰঞ্চ সমস্যাৰ লগত যুঁজিব জানিব। সি কাম কৰিব লাগিব সততাৰ সৈতে ।

৮. জাতিৰ আটাইতকৈ ভাল মেধা, ক্লাচৰুমৰ শেষ বেঞ্চৰ পৰা পোৱা যাব পাৰে ।

৯. ছাত্রজীৱনত মই বিমানৰ পাইলট হ'ব বিচাৰিছিলো। কিন্তু সেই স্বপ্ন পূৰণত ব্যর্থ হৈ আজি হ'লো  ৰকেট বিজ্ঞানী।

১০. জীৱন আৰু সময় পৃথিবীৰ শ্রেষ্ঠ শিক্ষক। জীৱনে সময়ৰ  সৎ ব্যৱহাৰ শিকায়, আৰু সময়ে শিকায় জীৱনৰ মূল্য।

১১. কঠিন কামত আনন্দ বেচি পোৱা যায়। সেয়ে সফলতাৰ আনন্দ পোৱাৰ বাবে মানুহৰ কামবোৰ কঠিন হোৱা উচিত।

১২. প্রথম সাফল্যৰ পিছত বহি নাথাকিবা। কাৰণ দ্বিতীয়বাৰ যেতিয়া তুমি ব্যর্থ হবা, তেতিয়া অনেকেই ক'ব যে, প্রথমত কেৱল ভাগ্যৰ বলতহে সফল হৈছিলা ।

১৩. যিসকলে মন দি কাম নকৰে, সেইসকলে আচলতে একোৱেই নাপায়। আৰু পালেও সেয়া হয় অর্ধ হৃদয়ৰ সফলতা। তাত সদায় এক ধৰণৰ তিক্ততা থাকি যায়।

১৪. তৰুণ প্রজন্মলৈ মোৰ বার্তা হ'ল- সিহঁত ভিন্নভাৱে চিন্তা কৰাৰ সাহস গোটোৱাৰ অধিকাৰী হব লাগিব । মনৰ ভিতৰত আবিষ্কাৰৰ উদ্দীপনা থাকিব লাগিব । নিজৰ সমস্যা নিজেই দূৰ কৰাৰ মানসিকতা থাকিব লাগিব ।

১৫. বৰষুণ আৰম্ভ হলেই সকলো চৰাই কৰবাত নহয় কৰবাত আশ্রয় খোঁজে। কিন্তু ঈগলে মেঘৰ ওপৰেদি  উৰি বৰষুণক পাৰ কৰি যায়।

১৬. কাৰোবাক পৰাজয় কৰাটো অতি সহজ, কিন্তু কঠিন হ'ল কাৰোবাৰ মন জয় কৰা।

১৭. তুমি যদি তোমাৰ কামক চ্যেলুট কৰা, চাবা তুমি আন কাৰোবাক চ্যেলুট কৰাৰ প্ৰয়োজন নহব। কিন্তু তুমি যদি তোমাৰ কামক অসম্মান কৰা, গুৰুত নিদিয়া, ফাঁকি দিয়া, তেনেহলে তুমি সকলোক চ্যেলুট কৰিয়েই জীৱন কটাব লাগিব ।

১৮. প্রতি পুৱাই এই পাঁচটা শাৰী জপ কৰিবা :

       ১) মই শ্ৰেষ্ঠ। I'm the best. 

       ২) মই কৰিব পাৰোঁ। I can do it. 

       ৩) সৃষ্টিকর্তা সৰ্বদায় মোৰ লগত আছে। 

       ৪) মই বিজয়ী। 

       ৫) আজিৰ দিনটো মোৰ। 

১৯. তিনিজন ব্যক্তিয়ে পাৰে এটি দেশ বা জাতিক পৰৱৰ্তন কৰিবলৈ : পিতৃ, মাতৃ আৰু শিক্ষক।

২০.জীৱনত সমস্যাৰ প্রয়োজন আছে। সমস্যা আছে  বাবেই সাফল্যত ইমান আনন্দ।

Well here we have provided you the Biography of Missile Man Dr APJ Abdul Kalam in Assamese for Assam TET, APSC, PNRD, DHS, APDCL, Assam Police exam. This article will be updated soon and we are going to add more to help our viewers to know more for the preparation of upcoming much awaited national & state level exams. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

Renowned Writers of Assamese Literature and Culture 

* Bir Chilarai-The Great Warrior of Koch Kingdom 

* অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে 

Hello if you like the article on Life History of Former President of India Dr APJ Abdul Kalam in Assamese, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.