Tai Phake Tribe in Assam - ইতিহাসৰ পাতত টাইফাকে জনগোষ্ঠী

টাইফাকে জনগোষ্ঠীয় লোকসকলৰ বিষয়ে - Historical Significance of Tai Phake Tribe in Assam in Assamese

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ Assam GK Gyan ৱেবছাইটলৈ। আমাৰ ৱেবছাইটৰ পেজ সমূহৰ দ্বাৰা আমি আপোনালোকক অসমৰ বিভিন্ন বিষয় তথ‍্য সম্পৰ্কে জনাব বিচাৰিছো। আশা কৰিছো আপােনালােকে আমাৰ Assam GK Gyan ৰ তথ্যৰাজিৰ পৰা সামান্য হ'লেও উপকৃত হ'ব। বিশেষভাৱে এই প্রশ্নোত্তৰবােৰ সকলাে প্রতিযােগিতামূলক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰস্তুত কৰা হৈছে। আপোনালোকে যদি আমাৰ ৱেবছাইটৰ বিভিন্ন তথ‍্যসমূহ পঢ়ি উপকৃত হৈছো বুলি ভাবে তেন্তে যিমান পাৰে সিমানেই পেজবোৰ শ্বেয়াৰ কৰক, যাতে আনসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ'ব পাৰে। লগতে তলত আমাৰ টেলিগ্রাম গ্রুপ আৰু ফেচবুক পেজৰ লিংক প্ৰদান কৰা হৈছে তাতো গৈ জইন কৰিব পাৰে। আমাৰ টেলিগ্রাম গ্রুপত নিতৌ বিভিন্ন বিষয়ৰ পৰীক্ষাৰ Pdf প্ৰদান কৰা হয়‌। 

Hello everyone, in this article we have provided you the Historical Significance of Tai Phake Tribe in Assamese language - টাইফাকে জনগোষ্ঠীয় লোকসকলৰ ইতিহাসৰ বিষয়ে । So, read the article on Tai Phake Tribe in Assam in assamese. 

Tai Phake Tribe in Assam - ইতিহাসৰ পাতত টাইফাকে জনগোষ্ঠী

নানা বৰণীয়া:অসমৰ টাইফাকেসকল

টাইফাকে জনগোষ্ঠীয় লোকসকলৰ বিষয়ে - Tai Phake Tribe in Assam

অসমত বসবাস কৰা ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ ভিতৰত টাইফাকেসকল অন্যতম ৷ এওঁলোক বৃহৎ টাইগোষ্ঠীৰ এটি অংগ ৷ এওঁলোক মংগোলীয় নৃগোষ্ঠীৰ অন্তৰ্গত ৷ ভাষা টাইফাকে ভাষা ৷

এওঁলোকৰ মূল বাসভূমি চীনৰ হুকং উপত্যকা ৷ এওঁলোক অষ্টাদশ শতিকাৰ শেষৰ ফালে অসমত প্ৰবেশ কৰে ৷ এওঁলোকৰ বৰ্তমানৰ বাসভূমি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ৷ তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ বৰফাকে,মোংলাং,বৰফাকিয়াল,নংলাই,লংফাকে,নিংগাম,মানমৌ,ফানেং আদিৰ উপৰি ডিব্ৰুগড়ৰ নামফাকে আৰু টিপামফাকেত এওঁলোক বসবাস কৰি আছে ৷ এওঁলোকৰ জনসংখ্যা ২০০০ মানহে হব ৷

টাইফাকেসকলৰ বিভিন্ন গোট আছে ৷ তাৰ ভিতৰত চাখাপ,ৱেলকং,পমুং,থমুং,টুমটেম,মাহাও,হাইলৌং,মাংময়,লুকমৌ আদিয়েই প্ৰধান ৷ এওঁলোক বৌদ্ধধৰ্মীয় লোক আৰু বৌদ্ধ ধৰ্মৰ সকলো অনুষ্ঠান পালন কৰাৰ উপৰিও কৃষিকাৰ্য,জন্ম মৃত্যু বিবাহৰ লগত জড়িত অনুষ্ঠানবোৰ পালন কৰে ৷

এওঁলোক চাংঘৰত বসবাস কৰে ৷ ঘৰবোৰ টুপলগা ধৰণৰ ,বাহ কাঠ আৰু টকৌপাতেৰে সজা ঘৰবোৰ সাধাৰণতে উত্তৰা দক্ষিণাকৈ সাজে ৷ ঘৰবোৰ আহলবহল হয় আৰু প্ৰতিটো কোঠাৰ নাম বেলেগবেলেগ হয়া ৷ পাকঘৰত জুহাল "ফাংফাই" থাকে ৷

তেওঁলোকৰ পৰম্পৰাগত খাদ্য হ'ল টোপোলাভাত ৷ টেঙা মাছৰ আঞ্জা (পা চৌম) এবিধ সুন্দৰ খাদ্য ৷ মাছ মাংস পাচলি পুৰি সিজাই খৰিকাত দি খাদ্য হিচাপে ব্যৱহাৰ কৰে ৷ তেওঁলোকে বিভিন্ন গছপাত মচলা হিচাপে ব্যৱহাৰ কৰে ৷ তাৰ ভিতৰত মেজেঙা,মেদেলুৱা, উৰিয়াম গছৰ পাত ৷ তেওঁলোকে উৎসৱে পাৰ্বণে বিভিন্ন পিঠিপনা তৈয়াৰ কৰে ৷

এওঁলোকৰ সমাজত বাহঁবেতৰ বিভিন্ন সামগ্ৰীৰ ব্যৱহাৰ আছে। ওপখাও,পান,চ্ছক (হোৰা) এনেধৰণৰ সজুঁলি ৷

টাইফাকেসকল প্ৰধান উৎসৱ পয়চাংকেন আৰু মাই ক'চুমফাই ৷এওঁলোকৰ বিভিন্ন লোকগীত আৰু নৃত্য আছে ৷ গীতবোৰ সাধাৰণতে প্ৰেম আৰু প্ৰকৃতি বিষয়ক ৷ এনে কিছু গীত --চা ঐ (বনগীত),খ্যে খ্যাং (সমজুৱা গীত), খাম নন চ্ছান (নিচুকণি গীত) আদি ৷ এওঁলোকৰ লোকবাদ্য হ'ল বৰঢোল আৰু জা মং (ঢাল সদৃশ বাদ্য) ৷

টাইফাকে সকলৰ সাজপাৰ অতিকে বৰণীয়া ৷ মেখেলা ৰিহা চাদৰ টাইফাকে মহিলাৰ প্ৰধান সাজ ৷ বয়সীয়াল মহিলা বোৱাৰী আৰু গাভৰুৱে পিন্ধা মেখেলাৰ ৰং বেলেগ বেলেগ হয় ৷ মেখেলাত ফুলৰ পৰিবৰ্তে বিভিন্ন আচু বোলোৱা থাকে ৷ বিবাহিতা মহিলাই বুকুত ৰিহা (নাংৱাত) মেঠনিৰ দৰে পিন্ধে ৷বয়সীঃ মহিলাই বেঙুনীয়া সেউজীয়া বা ছাইৰঙী সুতা ব্যৱহাৰ কৰে ৷কইনাৰ সাজযোৰক নাংৱাত পজুং বোলে ৷ এই সাজযোৰ সাধাৰণতে মুগাৰ হয় ৷

টাইফাকে মহিলাই পিন্ধা সাজ চায়েই কব পাৰি কোনগৰাকী বিবাহিতা কোনগৰাকী অবিবাহিতা ৷ বিধবাৰ বেলেেগ সাজ নেথাকে ৷ পুৰুষৰ সাজৰ ভিতৰত বোৱা লুঙী আৰু পাগুৰি (ফাহু) অন্যতম ৷

টাইফাকে মহিলাসকল একোগৰাকী পাকৈত শিপিনী ৷ এওঁলোকৰ তাতঁশালযোৰ সুন্দৰ হস্তশিল্পৰ নিদৰ্শন ৷
এওঁলোকৰ আ -অলংকাৰৰ ভিতৰত জাংফাই কেৰু (কেন হো), সোণৰ গলপতা (পইখাম), সোণৰ খাৰু (ৱেন খাম) আদি।

এওঁলোক অতিশয় সহজসৰল ৷ বৌদ্ধধৰ্মত দীক্ষিত হোৱাৰ বাবেই তেওঁলোক পূৰ্বৰে পৰা প্ৰকৃতি আৰু মানৱৰ কল্যাণৰ বাবে বিশেষভাৱে জড়িত ৷ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এওঁলোকৰ অৱদান অতিশয় উল্লেখযোগ্য ৷ টাইফাকে সকলৰ যি সংস্কৃতি সেয়া অক্ষত আৰু অক্ষুণ্ন হৈ উজ্জ্বলি থাকক।

Well here we have provided you the historical significance of tai phake tribe in Assam in assamese. This article will be updated soon and we are going to add more to help our viewers to know more about the tai phake tribe. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

Cultural History of Ahom Kingdom

* অসমত কোন তাৰিখে কি দিৱস পালন কৰা হয় ?

অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে 

Hello if you like the article on Tai Phake Tribe in Assam - ইতিহাসৰ পাতত টাইফাকে জনগোষ্ঠীdo comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.