Biography of Lachit Barphukan in Assamese | Life History of Lachit Barphukan in Assamese

Lachit Barphukan's Life And Contributions : An Overall Evaluation | Essay on Lachit Barphukan in Assamese

মহাবীৰ লাচিত বৰফুকনৰ জীৱন কাহিনী

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important topic of Assam the Biography of Lachit Barphukan (লাচিত বৰফুকন) in Assamese for Competitive Exam preparation. Therefore everyone need to know the Life of Lachit Barphukan in Assamese for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the Lachit Barphukan's Life And Contributions : An Overall Evaluation for Assam Tet exam. Infact the essay on Lachit Barphukan in Assamese will be a key topic in the Assam GK section for the upcoming Assam Govt Exams. So the Biography of Lachit Barphukan in Assamese Language for APSC/Assam TET 2022 will be a pedestrian to crack your exam.

Biography of Lachit Barphukan in Assamese | Life History of Lachit Barphukan in Assamese

Life History of Lachit Barphukan

Lachit Barphukan's Life And Contributions

In this article we have provided you most important Assam GK topic Lachit Barphukan's Life And Contributions for the upcoming Assam TET exam. So, read this important article on Lachit Borphukan essay in Assamese for Assam govt exams. This essay on Lachit Barphukan is useful for general knowledge quiz on Lachit Barphukan are extremely important and should be a part of your preparation.

GK Quiz on Lachit Barphukan : Assam APSC GK Questions

In order to succeed in the prestigious Assam TET, Assam Direct Recruitment Grade III and Grade IV Exam 2022, it is important that the aspirant has access to the all the Assam GK questions & Answers. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Assamese Culture and Literature of Assam for the upcoming exams.

Who is Lachit Barphukan ?

Lachit Borphukan was an Ahom general who lived in the 13th century when the Ahom Dynasty was ruling over Assam. He is considered as the greatest military general in the history of Assam. In 1671, he defeated the Mughals in the Battle of Saraighat in the Brahmaputra region. The Mughals were led by Raja Ram Singh Kachwaha of Amber, a Rajput who had allied with the Mughal emperor Aurangazeb.

The Lachit Divas was celebrated in several parts of the country on November 24. The day was celebrated to mark the birth anniversary of Lachit Borphuran. It is  mainly celebrated in Assam to commemorate the heroism of Lachit Borphukan. In 2017, the first country wide celebration of Lachit Divas was held.

Lachit Borphukan Gold Medal is awarded by the National Defence Academy for the best passing out cadet. This is being awarded every year since 1999.

A Brief note on Lachit Barphukan

Here we are discussing about the Biography of Lachit Barphukan in Assamese. Read this most important article on Life History of Lachit Barphukan in Assamese in order to answer the questions :

Biography of Lachit Barphukan in Assamese | Life History of Lachit Barphukan in Assamese

মহাবীৰ লাচিত বৰফুকনৰ জীৱন পৰিক্ৰমা

নাম - লাচিত বৰফুকন (Lachit Borphukan)

জন্ম তাৰিখ - ২৪ নবেম্বৰ, ১৬২২ খ্ৰীষ্টাব্দ

পিতৃৰ নাম - মোমাই তামুলী বৰবৰুৱা (ম'-ছাই চেং কালুক)

মাতৃৰ নাম - নাগেশ্বৰী আইদেউ

ভ্ৰাতৃৰ নাম - মবাও-লাও আৰু লাপেট-লাও

ভগ্নীৰ নাম - লাইছেং

বংশদ্ভূত - টাই আহোম

গৃহস্থান : চে-ৰাই-ডয়

শিৰোনামা - ফু-কন লুং

ধৰ্ম - আহোম ধৰ্ম, ফুৰালুং

মৃত্যু - ১৬৭১ খ্ৰীষ্টাব্দ

সমাধিস্থল - হোলোঙাপাৰ, যোৰহাট, অসম

লাচিত বৰফুকন (Lachit Borphukan) আছিল অসমৰ আহোম সাম্ৰাজ্য এজন ফুকনলুং। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে। অসমৰ বীৰসমূহৰ ভিতৰত আটাইতকৈ পৰাক্ৰমী বীৰজনেই নিশ্চয় মহাবীৰ লাচিত বৰফুকন। যি সময়ত অসম দেশ আৰু অসমীয়া জাতিৰ ভৱিষ্যত বিদেশী বঙালৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছিল, ঠিক সেইসময়তেই অসম দেশ ৰক্ষাৰ ভাৰ লাচিত বৰফুকনে শিৰ পাতি গ্ৰহণ কৰিছিল।

লাচিত বৰফুকনৰ জন্ম

মহাবীৰ লাচিত বৰফুকনৰ জন্ম ২৪ নবেম্বৰ, ১৬২২ খ্ৰীষ্টাব্দত আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি জনা যায়। তেওঁৰ পিতৃ আছিল ম'-ছাই চেং কালুক । তেওঁৰ পিতৃক আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱা নামেৰে জনা যায়। লাচিত বৰফুকন আছিল মোমাই তামুলী বৰবৰুৱাৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান) তথা কণিষ্ঠ পুত্ৰ। লাচিত বৰফুকন আছিল লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ লোক। তেখেতৰ ভাতৃৰ নাম - মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। জন্মসূত্ৰে তেওঁৰ নাম লা-চিত।

লাচিত বৰফুকনৰ শিক্ষা জীৱন

পিতৃ মোমাই তামুলী বৰবৰুৱাই লাচিত বৰফুকনক শিক্ষা প্ৰদান কৰিবলৈ উপযুক্ত শিক্ষক নিয়োগ কৰিছিল। লাচিত বৰফুকনে তেতিয়াই আহোম শাস্ত্ৰ, হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰিছিল। দেশৰ বুৰঞ্জী আৰু শাসনকাৰ্য সম্পৰ্কীয় জ্ঞানো তেওঁ লাভ কৰিছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ বিভিন্ন অস্ত্ৰচালনাৰ লগতে অন্যান্য সামৰিক শিক্ষাও গ্ৰহণ কৰিছিল আৰু সকলো ক্ষেত্ৰতে ক্ৰমান্বয়ে পাৰ্গত হৈ উঠিছিল। বৰবৰুৱাৰ পুত্ৰ হিচাপে স্বৰ্গদেউৰ বৰচৰালৈও লাচিতৰ সঘন আহ-জাহ আছিল। ইয়াৰ ফলত ৰাজসভাৰ আদব-কায়দা সমূহো তেওঁ অতি সোনকালেই শিকিছিল।

লাচিত বৰফুকন সৰুৰে পৰা অতি নিৰ্ভীক, সৎ আৰু স্পষ্টবাদী আছিল। তেওঁৰ পিতৃ আহোম ৰজাৰ বৰবৰুৱা পদবীত থকা বাবে তেওঁ সৰুৰে পৰাই তেওঁৰ পিতৃৰ কাম-কাজ তথা বিভিন্ন ডা-ডাঙৰীয়াসকলৰ সৈতে হোৱা আলোচনাবোৰ প্রত্যক্ষ কৰাৰ সুবিধা লাভ কৰিছিল আৰু এইবোৰৰ পৰা তেওঁ বহুতো জ্ঞান তথা অভিজ্ঞতা আহৰণ কৰিছিল।

পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক হিচাপে লাচিত বৰফুকনে আহোম ৰাজসভাত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে নিজৰ অধ্যাৱসায়, সাহস তথা কষ্টৰ ফলতহে আহোম ৰাজ্যৰ বৰফুকন তথা প্রধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল লাচিত বৰফুকন। গুৰুত্বপূৰ্ণ কথা যে পোন প্রথমেই আহোম ৰাজ্যৰ সেনাপতিৰ পদত অধিষ্ঠিত হোৱাৰ বিপৰীতে লাচিত বৰফুকনে সেইসময়ৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ 'হাঁচতিধৰা তামুলী'ৰ পদত নিযুক্ত হৈছিল। ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ এই পদটোত অধিষ্ঠিত হৈ প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল লাচিত বৰফুকনে।

ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকন নিযুক্ত পাইছিল ঘোঁৰাবৰুৱাৰ পদত। ঘোঁৰাবৰুৱাৰ পদত কাৰ্যনিৰ্বাহ কৰি থাকোতে লাচিত বৰফুকনে ঘোঁৰাসমূহ সঠিক ভাৱে তত্ত্বাৱধান কৰাই নহয় বহ কেইটা দুর্দান্ত ঘোঁৰা বশ কৰি নিজৰ প্ৰতিভা আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল।

ঘোঁৰাবৰুৱাৰ পদত সুকলমে দায়িত্ব সম্পন্ন কৰাৰ বাবে পৰৱৰ্তী সময়ত আহোম ৰজাই লাচিত বৰফুকনক দুলীয়া বৰুৱা পদবীত নিযুক্তি দিছিল। ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি লাভ কৰিছিল শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া শিমলুগুৰিয়া ফুকনৰ পদবীত। শিমলুগুৰিয়া ফুকন হিচাপে দায়িত্ব সম্পন্ন কৰা লাচিত বৰফুকনে পৰৱৰ্তী সময়ত নিযুক্তি লাভ কৰিছিল দোলাকাষৰীয়া বৰুৱা হিচাপে। দোলাকাষৰীয়া বৰুৱা হিচাপে নিযুক্তি লাভ কৰা লাচিত বৰফুকনৰ কাম আছিল ৰজা দোলাত যাওঁতে ৰজাৰ পালিপহৰীয়া (চাওদাং) সকলক নিয়ন্ত্ৰণ কৰা।

মোগলৰ সৈতে যুদ্ধ

গুৰুত্বপূৰ্ণ কথা যে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ১৬৬২ খ্রীষ্টাব্দত মোগল সম্রাট ঔৰংজেৱৰ সেনাবাহিনীয়ে মীৰজুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰতলীয়া ৰাজ্য হিচাপে অন্তর্ভুক্ত কৰিছিল। জয়ধ্বজ সিংহই সেই সময়ত অসমৰ স্বাধীনতা ঘুৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও সফল হ'ব পৰা নাছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই অতীতৰ গৌৰৱ উদ্ধাৰ কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। আৰু এই বাবে এজন যোগ্য সেনাপতিৰ সন্ধান কৰি লাচিত বৰফুকনক সেনাপতি দায়িত্ব অৰ্পণ কৰিছিল।

লাচিত বৰফুকনে সেনাপতি দায়িত্ব লৈয়েই দেশৰ সৈন্য সকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৬৬৭ খ্রীষ্টাব্দত লাচিত বৰফুকনে নেতৃত্ব লৈ গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলায় মোগল সকলক আক্ৰমণ কৰে। গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰেই আহোম সৈন্যই বিজয়ধ্বজা উৰুৱাই আৰু আহোম সৈন্যই ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে ১৬৬৭ খ্ৰীষ্টাব্দৰ ২ নৱেম্বৰৰ দিনা মাজনিশা। গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত বহু সংখ্যক মোগল সৈন্যই প্রাণ আহুতি দিয়ে অন্যহাতে মিৰজুমলাই ১৬৬২ খ্ৰীষ্টাব্দত বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যক লাচিত বৰফুকনে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বিখ্যাত আলাবৈ ৰণত লাচিত বৰফুকনৰ ভূমিকা

১৬৬৭ চনত আহোম-মোগলৰ যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত লাচিতে তেওঁৰ বীৰত্বৰ পৰিচয় দি মোগল সৈন্যক মানাহ নদী পাৰ কৰি খেদি পঠিয়াইছিল। অসমীয়া সৈন্যৰ হাতত হোৱা মোগলৰ এই পৰাজয়ৰ কথা সহ্য কৰিব নোৱাৰি এইবাৰ মোগল সম্ৰাট ঔৰংজেৱে সেনাপতি ৰামসিংহক ১৬৬৮ চনৰ ৬ জানুৱাৰীত অসম আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰিছিল। মোগলৰ বিশাল সৈন্যবাহিনী দেখিও লাচিত বৰফুকনে অলপো বিচলিত নহৈ শত্ৰুৰ সৈতে পৰাক্ৰমেৰে যুঁজ দিবলৈ অসমীয়া সৈন্য সকলক আহ্বান জনাইছিল আৰু সকলোকে নিজৰ কৰ্তব্যত অৱহেলা নকৰাৰ বাবে সকীয়নি দিছিল। মােগলে তেতিয়া কামৰূপ জিলাৰ দলিবাৰীৰ ওচৰৰ আলাবৈ পৰ্বতৰ দাঁতিত বাহৰ পাতি আছিল। এই আলাবৈ ক্ষেত্ৰতেই ১৬৬৯ চনত আহােম আৰু মােগলৰ মাজত এখন তয়া-ময়া ৰণ হয়। এই যুদ্ধৰ নাম আলাবৈ যুদ্ধ। আলাবৈ যুঁজত একেদিনাই প্রায় ১০,০০০ আহােম সেনাই প্রাণ দিব লগা হয়। আলাবৈৰ যুদ্ধৰ পৰাজয়ে লাচিতৰ মনলৈ হতাশা আনে। কিন্তু মহামন্ত্রী আতন বুঢ়াগােহাঁইৰ বুজনিত তেওঁ পুনৰ দৃঢ় হল।

ঐতিহাসিক শৰাইঘাটৰ ৰণ আৰু লাচিতৰ বীৰত্ব

লাচিতে উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ ওচৰত শত্ৰু সৈন্যক ভেটা দিবলৈ এটা গড় নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু তাৰ চোৱা-চিতাৰ কাম তেওঁৰ এজন মোমায়েকক প্রদান কৰিছিল। কিন্তু গড় নিৰ্মাণৰ কাম পিছ পৰি থকাত গড় নিৰ্মাণস্থলীতে তেওঁ মোমায়েকক শিৰচ্ছেদ কৰি ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি কৈ নিজ দেশভক্তিৰ পৰিচয় দিছিল। তেওঁৰ এই উগ্ৰমূৰ্তি দেখি সকলো বৰ শংকিত হৈছিল আৰু দুগুণ শক্তিৰে কাম কৰি ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ কৰি মোগল সৈন্যক ভেটা ‘ দিছিল।

তেনে সময়তে কিছুদিন পিছত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ মৃত্যু হ’ল। ৰামসিংহইও লাচিতৰ লগত যুদ্ধ সন্ধিৰ প্ৰস্তাৱ আগবঢ়াই । আনফালে লাচিতাে নৰীয়াত পৰিল। এনে পৰিস্থিতিত পৰৱৰ্তী স্বৰ্গদেউ উদয়াদিত্য সিংহই আতন বুঢ়াগােহাঁইৰ পৰামৰ্শ লৈ মােগলক চিৰদিনৰ বাবে খেদি পঠিয়াবলৈ থিৰাং কৰিলে।

স্বৰ্গদেউৰ আদেশ মানি লাচিতে নৰীয়া দেহাৰেই নৌ-যুদ্ধৰ বাবে সাজু হ'ল। নদীৰ মাজত আহোম-মোগল বাহিনীৰ মাজত ভীষণ যুদ্ধ চলিল। অসমীয়া সেনাৰ বীৰত্বত বহুতাে মােগল সৈন্যই মৃত্যু মূখত পৰিল আৰু লাচিতৰ নেতৃত্বত আহোম সেনাই মােগলক মানাহ নদীলৈকে খেদি পঠিয়ালে । এইখনেই হ’ল ১৬৭১ চনত সংঘটিত ইতিহাস প্ৰসিদ্ধ বিখ্যাত শৰাইঘাটৰ যুদ্ধ।

লাচিত বৰফুকনৰ নেতৃত্ব বহন কৰা এই শৰাইঘাট যুদ্ধ হ'ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা। মহা পৰাক্ৰমী মোগল শক্তিক পৰাভূত কৰা লাচিত বৰফুকন নেতৃত্বই অসম বাসীৰ শৌর্য-বীর্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। নৰীয়া শৰীৰে অথচ বুদ্ধিমত্তাৰ উদাহৰণ দাঙি ধৰি লাচিত বৰফুকনে যিদৰে মোগল সৈন্যৰ সৈতে সন্মুখ সমৰত লিপ্ত হ'ল সেইয়া অতি প্ৰশংসনীয়। গুৰুত্বপূৰ্ণ কথা যে ৰণনীতিগত ক্ষেত্ৰত ব্যাপক ইন্ধন যোগাই লাচিত বৰফুকনে প্ৰথম বাৰৰ বাবে গেৰিলা যুদ্ধ পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।

লাচিত বৰফুকনৰ বীৰত্বৰ সম্পৰ্কত প্ৰতিদ্বন্দ্বী মোগল সেনাপতি ৰামসিংহই প্ৰশংসাৰ সুৰত কৈছিল-‘বৰফুকন এজন ডাঙৰ যোদ্ধা,চক্ৰাকৃতি বেহু আৰু আগবাঢ়ি ধৰিবলৈ ক’তো ছিদ্ৰ নাই’।ৰামসিংহই আহোমৰ ৰজা-প্ৰজাৰ লগতে সেনা বাহিনীকো প্ৰশংসা কৰি কৈছিল-‘ধন্য আহোম ৰজা,ধন্য মন্ত্ৰী,ধন্য সেনাপতি,ধন্য সেনা।এক আদমীয়ে সকলো সেনা চলাইতে পাৰে’।

লাচিত বৰফুকনৰ মৃত্যু

নিজৰ বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাইঘাট যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনৰ মৃত্যু হয় শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই। ১৬৭২ খ্রীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়।

Biography of Lachit Barphukan in Assamese | Life History of Lachit Barphukan in Assamese

যোৰহাটৰ হোলোঙাপাৰৰ লাচিত বৰফুকনৰ মৈদাম

গুৰুত্বপূৰ্ণ কথা যে বুদ্ধিমত্তা, সাহস পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয় লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্ম দিনটো প্ৰতি বছৰে উদযাপন কৰা হয় লাচিত দিৱস হিচাপে। লাচিত বৰফুকন হ'ল অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্বা। অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ, দেশপ্রেম সদায় অসমীয়াৰ তেজত প্ৰবাহিত হৈ ৰ'ব।

মহাবীৰ লাচিত বৰফুকনৰ  মৃত্যু হ’ল কিন্তু থাকি গ’ল তেওঁৰ বীৰগাঁথা। তেওঁ যি বীৰত্ব আৰু সাহসৰ প্ৰদৰ্শনেৰে নিজ সৈন্যবাহিনীৰ মাজত বিজুলী সঞ্চাৰ কৰি মনোবল ঘূৰাই আনিছিল তাৰ বাবেই শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্য বিজয়ী হৈছিল। লাচিত বৰফুকনৰ বীৰত্বৰে নিদৰ্শনে আজিও অসমীয়াক অনুপ্ৰাণিত কৰে।

লাচিত বৰফুকনৰ নেতৃত্বত যদি অসমীয়া সৈন্যই শৰাইঘাটৰ ৰণত জয়ী নহ’লহেতেন তেতিয়া হয়তো অসমৰ ইতিহাসৰ গতিয়েই সলনি হৈ গ’লহেতেন। লাচিত বৰফুকনে যি বুদ্ধিদীপ্ততাৰে সকলো সমস্যাৰ সমাধান কৰিছিল সেইয়া সঁচাই প্ৰশংসনীয়। তেঁৱেই প্ৰথম গেৰিলা যুদ্ধ পদ্ধতিৰ সূচনা কৰিছিল আৰু ই ৰণনীতিগত ক্ষেত্ৰত এক ব্যাপক ইন্ধন যোগাইছিল। আজিৰ অসমীয়াৰ বাবে আদৰ্শ হওক লাচিত বৰফুকন। লাচিত বৰফুকনক স্মৰণ কৰিবলৈ ভাৰত চৰকাৰে ১৯৯৯ চনৰ পৰা প্ৰতিবছৰে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ শ্ৰেষ্ঠ কেডেটজনক “লাচিত বৰফুকন সোণৰ পদক” প্ৰদান কৰি আহিছে।

Must Read : Life History of Madhabdev in Assamese

Must Read : Life History of Ananta Kandali in Assamese

Must Read : Life History of Madhab Kandali in Assamese

Must Read : Biography of Jyoti Prasad Agarwala in Assamese

Must Read : Biography of Chandra Kumar Agarwal in Assamese

Must Read : Biography of Lokpriya Gopinath Bordoloi in Assamese

Download GK E-book for Competitive Exam -  Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

• অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে

• Bir Chilarai-The Great Warrior of Koch Kingdom

Well if you like the Biography of Lachit Barphukan in Assamese | Life History of Lachit Barphukan in Assamese for Assam TET, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.