Child Development and Pedagogy Questions and Answers for Assam TET Exam

GK on Educational Psychology for Assam UP TET Exam - Important Questions Of Education Psychology in Assamese

অসম টেট ২০২১ ৰ বাবে উপযোগী শিক্ষা মনোবিজ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

Hello, aspirants are you preparing for Assam TET Exam? If yes, then you must be aware of the most important Educational Psychology (শিক্ষা মনোবিজ্ঞান) of Child Development and Pedagogy (শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান) for the upcoming Assam TET exam 2021. Therefore every aspirants of Assam TET need to know the Educational Psychology for Assam UP TET Exam. In this regard "Assam GK Gyan" decides to provide you the most important information about Child Development and Pedagogy questions and answers for Assam TET Exam according to the syllabus. Infact the important questions and answers of Education Psychology in Assamese will be a key topic in the Child Development and Pedagogy (শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান) section for the upcoming Assam TET UP level exam. So the GK on Educational Psychology of Child Development and Pedagogy will be a pedestrian to crack your exam.

Child Development and Pedagogy Questions and Answers for Assam TET Exam

Education Psychology for Assam TET Exam

GK on Educational Psychology for Assam UP TET Exam

Read all these most important GK on Educational Psychology for Assam UP TET Exam 2021. These Educational Psychology gk questions and answers are extremely important and should be a part of your preparation.

Child Development and Pedagogy Questions and Answers

শিশু বিকাশ আৰু শিক্ষাবিজ্ঞানৰ লগত জড়িত প্ৰশ্নোত্তৰ

বিশেষকৈ অসম টেট ২০২১ বৰ্ষৰ পৰীক্ষাৰ বাবে NCTE ৰ নিৰ্দেশনা অনুসৰি ষষ্ঠ মানৰ পৰা অষ্টম মানলৈ যি Syllabus প্ৰকাশ কৰিছে, সেই Syllabus অনুসৰি উক্ত পেপাৰ খনৰ "শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান" (Child Development and Pedagogy) ভাগটিৰ বাবে "শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান" বিষয়টো অতি গুৰুত্বপূৰ্ণ।

এই Article টোৰ জড়িয়তে আমি শিশু বিকাশ আৰু শিক্ষাবিজ্ঞানৰ লগত জড়িত প্ৰশ্নোত্তৰৰ বিষয়ে অৱগত হ'ম।

শিক্ষা মনোবিজ্ঞান

মনোবিজ্ঞানৰ এটা শাখা হৈছে শিক্ষা মনোবিজ্ঞান (Educational Psychology)। শিক্ষা আৰু মনোবিজ্ঞান দুয়োটাই আচৰণৰ লগত জড়িত। মনোবিজ্ঞানে মানুহ তথা প্ৰাণীৰ আচৰণ অধ্যয়ন কৰে আৰু শিক্ষাই সেই আচৰণৰ পৰিবৰ্তন, পৰিশোধন আৰু উন্নতি সাধন কৰে। শিক্ষাৰ লক্ষ্য দৰ্শনে নিৰ্ধাৰণ কৰে যদিও এই লক্ষ্যত উপনীত হোৱাত সহায় কৰে মনোবিজ্ঞানেহে। 

শিক্ষা-ব্যৱস্থাক অধিক বাস্তৱমুখী আৰু কাৰ্যকৰী কৰি তুলিবলৈ শিক্ষাত মনোবিজ্ঞানৰ সূত্ৰ, তথ্য, পদ্ধতি, নীতি আদি প্ৰয়োগ কৰা হয়। শিক্ষা মনোবিজ্ঞানৰ ক্ষেত্ৰই পৰামৰ্শ, শ্ৰেণীকোঠা, জীৱনৰ প্ৰতি খোজতে শিক্ষা পদ্ধতিৰ মূল্যায়নৰ লগত জড়িত শৈক্ষিক ক্ৰীড়া-কলাপৰ উৎকৰ্ষ সাধন কৰিবলৈ প্ৰধানকৈ গুণগত পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে ।

শিক্ষা- মনোবিজ্ঞান প্ৰচলনৰ ধাৰণা প্ৰথমে  জে. এইচ. পেষ্টালজীয়ে উদ্ভাৱন কৰিছিল। সেয়ে তেওঁক শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়।

শিক্ষা মনোবিজ্ঞানৰ পদ্ধতি :

শিক্ষাৰ্থী তথা ব্যক্তিৰ প্ৰতিক্ৰিয়া, আচৰণ আদিৰ কাৰণ, উৎস জানিবলৈ চলোৱা অধ্যয়ন আৰু গৱেষণাৰ পদ্ধতিবোৰেই শিক্ষা মনোবিজ্ঞানৰ পদ্ধতি।।এই পদ্ধতিসমূহ হৈছে-

• অন্তঃনিৰীক্ষণ বা অন্তঃপ্ৰেক্ষণ
• পৰ্যবেক্ষণ পদ্ধতি
• পৰীক্ষণ পদ্ধতি
• নৈদানিক পদ্ধতি
• পৰিসংখ্যামূলক পদ্ধতি
• পুৰুষনামা বা ঘটনা বিৱৰণ পদ্ধতি

Child Development and Pedagogy Questions and Answers for Assam TET Exam

১)শিশুকেন্দ্ৰিক শিক্ষাত এগৰাকী দক্ষতাসম্পন্ন শিক্ষক হ’বলৈ আৱশ্যক-

উত্তৰ: মনোবিজ্ঞানৰ জ্ঞান।

২)শিক্ষাদানৰ ক্ষেত্ৰত এগৰাকী শিক্ষকে বুজি পাব লাগিব-

উত্তৰ: ব্যক্তি পাৰ্থক্যৰ বিষয়ে।

৩)শিক্ষাদান ব্যৱস্থাটোক ফলপ্ৰসূ কৰি তুলিবলৈ এক স্থিৰ-

উত্তৰ: পৰিকল্পনাৰ প্ৰয়োজন।

৪)নিৰ্দেশনামূলক সঁজুলি সমূহৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজন-

উত্তৰ: শিক্ষকৰ।

৫)শ্ৰেণীকোঠাত পাঠদান কৰোতে এগৰাকী শিক্ষকে বিষয়বস্তুৰ মাজেৰে অগ্ৰসৰ হ’ব লাগিব-

উত্তৰ: সৰলৰ পৰা জটিললৈ

৬)বৰ্ত্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল-

উত্তৰ: শিক্ষাৰ্থীসকলৰ অন্তৰ্নিহিত সম্ভাৱণীয়তাৰ বিকাশ সাধন।

৭)শিক্ষাদান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ বাবে মনস্তাত্বিক দিশ হ’ল-

উত্তৰ: নিৰ্দেশনাৰ দিশ

৮)শিক্ষাদান আৰু গ্ৰহণ কাৰ্য ফলপ্ৰসূ কৰিবলৈ হ’লে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত-

উত্তৰ: সহযোগিতা থাকিব লাগে।

৯)শ্ৰেণীকক্ষত পাঠদান কৰোতে শিক্ষকে বিৰত থাকিব লাগে-

উত্তৰ: অত্যাধিক পুণৰাবৃত্তি।

১০)শ্ৰেণীকক্ষৰ পৰিস্থিতি নিয়ন্ত্ৰণত সহায় কৰে-

উত্তৰ: শিক্ষকৰ ব্যক্তিত্বই।

১১)মন্টেশ্বৰী স্কুলত এগৰাকী শিক্ষকক কোৱা হয়-

উত্তৰ: নিৰ্দেশিকা।

১২)আধুনিক শিক্ষা ব্যৱস্থা এগৰাকী শিক্ষকৰ প্ৰধান কৰ্ত্তব্য হ’ল-

উত্তৰ: শিক্ষাৰ্থীক জ্ঞান দান কৰা।

১৩)শ্ৰেণীকক্ষত শিক্ষকে শিক্ষাৰ্থীক মনোনিৱেশ কৰিবলৈ-

উত্তৰ: আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰিব লাগে।

১৪)সুচলকাৰী আৰু অভিপ্ৰেৰক হিচাপে মুখ্য ভূমিকা শিক্ষানুষ্ঠানত পালন কৰিব লাগে-

উত্তৰ: শিক্ষকে।

১৫)শিক্ষাৰ্থীক অভিৰোচিত কৰি তোলাৰ ক্ষেত্ৰত তিৰস্কাৰতকৈ প্ৰশংসাৰ প্ৰভাৱ অধিক বুলি মতামত পোষণ কৰিছিল-

উত্তৰ: হাৰলকে।

১৬)শ্ৰেণীকক্ষৰ বাহিৰেও বাহিৰৰ পৰিৱেশতো এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক নেতৃত্ব প্ৰদান কৰিব পাৰিব লাগিব-কথাষাৰ-

উত্তৰ: সত্য।

১৭)শিক্ষকে অত্যাধিক মৰম-চেনেহ আৰু আত্মবিশ্বাসৰ মাজেৰে শিক্ষা প্ৰদান কৰিব লাগে-

উত্তৰ: পিছপৰা শিশু সকলক।

১৮)শিশুৰ জ্ঞানমূলক, আনুভূতিক আৰু সংক্ৰিয়াত্মক দিশৰ বিকাশত বিশেষে ভূমিকা পালন কৰিব পাৰে-

উত্তৰ: শিক্ষকে।

১৯)১৪০ৰ ওপৰৰ বুদ্ধ্যাংক থকা শিক্ষাৰ্থী সকলক কোৱা হয়-

উত্তৰ: প্ৰতিভাশালী।

২০)৯০-১১০ৰ ভিতৰত বুদ্ধ্যাংক থকা সকলক কোৱা হয়-

উত্তৰ: সাধাৰণ বুদ্ধি সম্পন্ন।

২১)এখন সমাজৰ চিকিৎসক তথা শিক্ষকৰো শিক্ষক বুলি কোৱা হয়-

উত্তৰ: প্ৰধান শিক্ষকক।

২২)এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব হ’ল-

উত্তৰ: ক)বিদ্যালয়ৰ তত্বাৱধান

খ)প্ৰশাসন ৰক্ষা

গ)সমন্বয় সাধন।

২৩)আমাৰ দেশত শিশুক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয়-

উত্তৰ: ৬ বছৰত।

২৪)প্ৰাক-প্ৰাথমিক শিক্ষা হ’ল-

উত্তৰ: অনানুষ্ঠানিক শিক্ষা।

২৫)প্ৰাক-প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয়-

উত্তৰ: আঢ়ৈ বছৰৰ পৰা চাৰে পাঁচ বছৰীয়া শিশুক।

২৬)এগৰাকী আদৰ্শ শিক্ষকৰ গুণাৱলী হ’ল-

উত্তৰ: ক)ৰসিকতা

খ)বাগ্মিতা

গ)বিষয়বস্তুৰ গভীৰ জ্ঞান।

২৭)আধুনিক শিক্ষা ব্যৱস্থা হ’ল-

উত্তৰ: শিশু কেন্দ্ৰিক।

২৮)শিশু কেন্দ্ৰিক শিক্ষাৰ বাটকতীয়া আছিল-

উত্তৰ: ৰুছো।

২৯)নেতিবাচক শিক্ষাৰ প্ৰৰ্বত্তক আছিল-

উত্তৰ: ৰুছো।

৩০)ইংৰাজী ‘School’ শব্দটো গ্ৰীক ভাষাৰ-

উত্তৰ: Skhole শব্দৰ পৰা অহা।

৩১)শিক্ষানুষ্ঠান এখনৰ মানৱ সম্পদ হ’ল-

উত্তৰ: ক)বৈষয়িক সম্পদ

খ)মানৱ সম্পদ

গ)পাঠ্যক্ৰম আৰু সহপাঠ্যক্ৰম কাৰ্যাৱলী।

৩২)বিদ্যালয় এখনৰ মানৱ সম্পদ হ’ল-

উত্তৰ: ক)শিক্ষক

খ)শিক্ষাৰ্থী

গ)বিদ্যালয়ৰ কৰ্মচাৰী।

৩৩)বিদ্যালয় এখনৰ প্ৰতিটো শ্ৰেণীকক্ষত শিক্ষাৰ্থী বহাৰ সুবিধা থাকিব লাগে-

উত্তৰ: ৫০-৬০ জন।

৩৪)বিদ্যালয় এখনত থাকিব নালাগে-

উত্তৰ: পাণদোকান।

৩৫)প্ৰাক-প্ৰাথমিক স্কুলত শিক্ষা প্ৰদান কৰা হয়-

উত্তৰ: খেলা-ধূলাৰ মাধ্যমত।

৩৬)২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনমতে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক হ’ব-

উত্তৰ: ৬ৰ পৰা ১৪ বছৰীয়া শিশুৰ ক্ষেত্ৰত।

৩৭)বৰ্ত্তমান আমাৰ দেশত প্ৰচলিত শিক্ষাৰ গাঁথনি হ’ল-

উত্তৰ: ১০+২+৩

৩৮)স্মৰণ স্তৰৰ শিক্ষণৰ প্ৰ্দৰ্শক আছিল-

উত্তৰ: হাৰ্বাৰ্ট স্পেনচাৰ।

৩৯)বিষয় বস্তু যেনেদৰে আছে তেনেদৰে মনত ৰখাটোৱে হ’ল-

উত্তৰ: স্মৰণ স্তৰৰ লক্ষ্যণ।

৪০)স্মৰণ স্তৰৰ শিক্ষাৰ্থীয়ে মনত ৰাখে-

উত্তৰ: যান্ত্ৰিকভাৱে।

৪১)স্মৰণ স্তৰৰ শিক্ষণ শিকনত ব্যৱহাৰ কৰা শিক্ষণ পদ্ধতি সমূহ সম্পূৰ্ণ মনোবিজ্ঞান পৰিপন্থী আৰু-

উত্তৰ: শিক্ষক কেন্দ্ৰিক।

৪২)স্মৰণ স্তৰৰ শিশুৰ বাবে অনুষ্ঠিত কৰা হয়-

উত্তৰ: সাধাৰণ মৌখিক পৰীক্ষা।

৪৩)সৰু ল’ৰা-ছোৱালীৰ বাবে অধিক ফলপ্ৰসূ বিধৰ শিক্ষা হ’ল-

উত্তৰ: স্মৰণ স্তৰৰ শিক্ষা।

৪৪)স্মৰণ স্তৰৰ শিক্ষণ-শিকনৰ আসোঁৱাহ হ’ল-

উত্তৰ: ক)প্ৰজ্ঞানাত্মক দক্ষতাৰ বিকাশ নহয়

খ)বোধ আৰু প্ৰয়োগহীন

গ)আন্ত: ক্ৰিয়াহীন।

৪৫)বোধ স্তৰৰ শিক্ষণ-শিকন স্তৰৰ শিক্ষণ শিকনতকৈ-

উত্তৰ: উচ্চ স্তৰৰ।

৪৬)বোধ স্তৰৰ শিক্ষা ব্যৱস্থা হ’ল-

উত্তৰ: মনোবৈজ্ঞানিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত।

৪৭)বোধ স্তৰৰ শিক্ষা ব্যৱস্থাত প্ৰণোদন প্ৰকৃতি(Nature of Motivation) হয়-

উত্তৰ: বাহ্যিক।

৪৮)মননশীল স্তৰত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা হ’ল-

উত্তৰ: মুখ্য।

৪৯)মননশীল স্তৰৰ শিক্ষণ-শিকনত প্ৰণোদনৰ প্ৰকৃতি হ’ল-

উত্তৰ: আভ্যন্তৰীণ।

৫০)মননশীল স্তৰৰ শিক্ষণ-শিকনত ব্যৱহাৰ হোৱা পদ্ধতি প্ৰয়োগ কৌশল সমূহ-

উত্তৰ: শিক্ষাৰ্থী কেন্দ্ৰিক।

৫১)মননশীল স্তৰৰ শিক্ষণ-শিকনে সহায় কৰে-

উত্তৰ: মানসিক কাৰ্য্যদক্ষতা বৃদ্ধিত।

৫২)মননশীল স্তৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ দায়িত্ব-

উত্তৰ: বেছি।

৫৩)বোধ স্তৰৰ শিক্ষা ব্যৱস্থাত প্ৰকৃত বোধ আৰু শিকা কথাবোৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োগ কৰিব পৰাকৈ গ্ৰহণ কৰা পদ্ধতি হ’ল-

উত্তৰ: ক)আৰোহী-অৱৰোহী পদ্ধতি

খ)বক্তৃতা প্ৰদৰ্শন পদ্ধতি

গ)বিশ্লেষক-সংশ্লেষক পদ্ধতি।

৫৪)বোধ স্তৰৰ মূল্যায়ণ পৰীক্ষাত অধিক গুৰুত্ব দিয়া হয়।

উত্তৰ: চমু প্ৰশ্নত।

৫৫)মননশীল স্তৰৰ শিক্ষণে-

উত্তৰ: মননশীল স্তৰৰ শিকনে।

৫৬)মননশীল স্তৰত শিক্ষকৰ ভূমিকা-

উত্তৰ: গৌণ।

৫৭)প্ৰসস্ত শিক্ষাদানৰ বাবে এজন শিক্ষকৰ গাত থাকিবলগীয়া গুণ হ’ল-

উত্তৰ: ক)এটা নিৰোগী স্বাস্থ্য

খ)বৌদ্ধিক যোগ্যতা

গ)নিৰপেক্ষতা।

৫৮)শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া শিক্ষাৰ্থীৰ বাবে হ’ব লাগে-

উত্তৰ: প্ৰয়োজন ভিত্তিক।

৫৯)যি জ্ঞান জীৱনত কোনো দিন ব্যৱহাৰ কৰিব নোৱাৰি তেনে জ্ঞান-

উত্তৰ: স্কুলত প্ৰদান কৰা অনুচিত।

৬০)শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে শিক্ষাৰ্থীৰ-

উত্তৰ: বুদ্ধিৰ ওপৰত।

৬১)প্ৰচলিত শিক্ষা ব্যৱস্থাত নেতৃত্ব প্ৰদান কৰিব পৰা গুণ থকাটো নিতান্তই প্ৰয়োজনীয়-

উত্তৰ: শিক্ষকৰ।

৬২)অনভিজ্ঞ ছাত্ৰ-ছাত্ৰী সকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব পাৰে-

উত্তৰ: নিৰ্দেশনা আৰু পৰিচালনাই।

৬৩)শিক্ষা পৰিকল্পনা ৰচনা কৰাটো এটা প্ৰধান কাম-

উত্তৰ: শিক্ষকৰ।

৬৪)শৃংখলা ৰক্ষাৰ বাবে বিদ্যালয়ত কঠোৰ শাস্তি প্ৰদান কৰাটো-

উত্তৰ: অপ্ৰয়োজনীয়।

৬৫)অনগ্ৰসৰ শিশুৰ এটা প্ৰধান বৈশিষ্ট্ হ’ল-

উত্তৰ: বৌদ্ধিক নিম্নমান বিশিষ্টতা।

৬৬)উইলিয়াম কিলপেট্ৰিকে উদ্ভাৱণ কৰা সামাজিক পটভূমিত শিক্ষাদান আৰু শিক্ষাগ্ৰহণৰ পদ্ধতিটোৰ নাম হ’ল-

উত্তৰ: প্ৰজেক্ট বা প্ৰকল্প পদ্ধতি।

৬৭)প্ৰকল্প পদ্ধতি হ’ল-

উত্তৰ: ক)শিক্ষাৰ্থীয়ে নিজে কৰিবলগীয়া কাম

খ)সামাজিক পৰিৱেশত সম্পন্ন কৰিব পৰা কাম

গ)শিক্ষাৰ্থীয়ে নিজৰ ইচ্ছাত বাচি ল’ব পৰা কাম।

৬৮)এটা ভাল প্ৰকল্প থাকিবলগীয়া গুণাগুণ হ’ল-

উত্তৰ: ক)প্ৰয়োগিক জ্ঞান লাভৰ সুবিধা

খ)সময় সাপেক্ষ হোৱা

গ)বৰ সহজ বৰ জটিল নোহোৱা।

৬৯)শ্ৰেণী কক্ষত পাঠ সুচলকাৰী হিচাপে প্ৰধান ভূমিকা পালন কৰিব লাগে-

উত্তৰ: শিক্ষকে।

৭০) “এখন দেশৰ ভাগ্য শ্ৰেণীকোঠাতেই গঢ় লয়”- মতামতটো আছিল-

উত্তৰ: কোঠাৰী আয়োগৰ।

৭১)শিক্ষা গ্ৰহণৰ বৈশিষ্ট হ’ল-

উত্তৰ: ক)শিক্ষা গ্ৰহণ এবিধ বিকাশৰ প্ৰক্ৰিয়া

খ)শিক্ষা গ্ৰহণ এবিধ সমাযোজন প্ৰক্ৰিয়া

গ)শিক্ষা গ্ৰহণ অভিজ্ঞতা সংগঠনৰ প্ৰক্ৰিয়া।

৭২)এজন প্ৰাৰম্ভিক শিক্ষকৰ ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা সমস্যাক ভাগ কৰিব পাৰি-

উত্তৰ: দুটা ভাগত।

৭৩)ব্ৰেইলী পদ্ধতিত শিক্ষা প্ৰদান কৰা হয়-

উত্তৰ: অন্ধ সকলক।

৭৪)অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰকৃত বয়সতকৈ মানসিক বয়স-

উত্তৰ: কম।

৭৫)অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকক্ষত প্ৰদান কৰা সঁহাৰি-

উত্তৰ: পুতৌজনক।

৭৬)এগৰাকী শিক্ষকৰ অনগ্ৰসৰ ছাত্ৰৰ ক্ষেত্ৰত প্ৰথম কাম হ’ল-

উত্তৰ: তেওঁলোকক চিনাক্ত কৰা।

৭৭)অনগ্ৰসৰ সকলৰ বাবে প্ৰস্তুত কৰা শিক্ষা ব্যৱস্থা হ’ব লাগে-

উত্তৰ: মনোবৈজ্ঞানিক বিধৰ।

৭৮)সৰ্বসাধাৰণৰ বাবে প্ৰস্তুত কৰা সাধাৰণ শিক্ষাই অনগ্ৰসৰ সকলক-

উত্তৰ: বিশেষ সহায় নকৰে।

৭৯)সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ কৰা হৈছিল-

উত্তৰ: ১৯৮৮ চনত।

৮০)সম্পূৰ্ণ সাক্ষৰতা অভিযান আঁচনিৰ মূল উদ্দেশ্য আছিল-

উত্তৰ: দেশৰ নিৰক্ষৰতা আঁতৰ কৰা।

৮১)সম্পূৰ্ণ সাক্ষৰতা অভিযান আঁচনিখন প্ৰৱৰ্ত্তন কৰিছিল-

উত্তৰ: ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনে।

৮২)আঁচনিখন প্ৰৱৰ্ত্তন হোৱাৰ কিমান বছৰৰ ভিতৰত সম্পূৰ্ণ সাক্ষৰতা প্ৰাপ্তি ইয়াৰ লক্ষ্য আছিল?

উত্তৰ: ২০০৫ চনৰ ভিতৰত।

৮৩)সম্পূৰ্ণ সাক্ষৰতা অভিযানে প্ৰ্থমতে সামৰি লৈছিল-

উত্তৰ: ৪৪২ খন জিলাক।

৮৪)সম্পূৰ্ণ সাক্ষৰতা অভিযান আছিল-

উত্তৰ: শিক্ষাৰ্থী কেন্দ্ৰিক।

৮৫)লোক কৃষ্টি, যাত্ৰা, বাটৰ নাট, ভজন, কীৰ্ত্তন আদি প্ৰয়োগ কৰিব পৰা যায়-

উত্তৰ: সম্পূৰ্ণ সাক্ষৰতা অভিযান।

৮৬)শিক্ষাদান প্ৰক্ৰিয়াৰ পৰ্যায়কেইটা হ’ল-

উত্তৰ: ক)পৰিকল্পনা পৰ্যায়

খ)কাৰ্যকৰী পৰ্যায়

গ)মূল্যায়ণ পৰ্যায়।

৮৭)শ্ৰেণীকোঠাত শিক্ষকে শিক্ষাদান কৰিবলৈ যোৱাৰ আগতে যিবোৰ পদক্ষেপ হাতত লয় সেইবোৰেই হ’ল-

উত্তৰ: পূৰ্বকাৰ্যকৰী বা পৰিকল্পনা পৰ্যায়।

৮৮)পাঠদানকাৰ্য শিক্ষাৰ্থীৰ বোধগম্য হোৱাকৈ শিক্ষকে বিষয়সূচী সজাই ল’ব লাগে-

উত্তৰ: পূৰ্বকাৰ্যকৰী পৰ্যায়ত।

৮৯)শ্ৰেণীকক্ষত প্ৰকৃত পাঠদানৰ পৰ্যায় বুলি কোৱা হয়-

উত্তৰ: কাৰ্যকৰী পৰ্যায়ক।

৯০)শিক্ষকে শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ চিনাক্তকৰণ কৰিব পাৰে-

উত্তৰ: কাৰ্যকৰী পৰ্যায়ত।

৯১)শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তিম স্তৰটো হ’ল-

উত্তৰ: মূল্যায়ণ বা উত্তৰ ক্ৰিয়াশীল পৰ্যায়।

৯২)শিক্ষকে লিখিত বা মৌখিক প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰে-

উত্তৰ: মূল্যায়ণ পৰ্যায়ত।

৯৩)পৰীক্ষাৰ বাবে উপযুক্ত কৌশলসমূহ নিৰ্বাচন কৰাত শিক্ষকক সহায় কৰিব পাৰে-

উত্তৰ: মূল্যায়ণ স্তৰে।

৯৪)শিক্ষাবিদ Jacksonৰ মতে শিক্ষকে শিক্ষাৰ্থীক বিভিন্ন ধৰণৰ মৌখিক উদ্দীপনা যোগাব পাৰে-

উত্তৰ: কাৰ্যকৰী পৰ্যায়ত।

* Must read : আধুনিক অসমীয়া সাহিত্যৰ প্ৰখ্যাত লেখক সকল

Well here we have provided you the concept and brief knowledge about Child Development and Pedagogy as questions and answers for Assam TET. This article will be updated soon and we are going to add more related contents to help our viewers to know more for the preparation of upcoming much awaited Assam TET for UP level exam. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

Names of Ahom Kings and their Ruling Period 

First in Assamese First Assamese

Cultural History of Ahom Kingdom

Hello if you like the article on Child Development and Pedagogy Questions and Answers for Assam TET Exam, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.